স্পেচিয়েল কম্পিউটিঙ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাৰদৰ্শিতাৰে মুম্বাইৰ ভাৰতীয় প্ৰদ্যোগিক প্ৰতিষ্ঠান ( আই আই টি ) ত উজ্বলিল বোকাখাতৰ যুৱক অনুপম শইকীয়া :

স্পেচিয়েল কম্পিউটিঙ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাৰদৰ্শিতাৰে মুম্বাইৰ ভাৰতীয় প্ৰদ্যোগিক প্ৰতিষ্ঠান ( আই আই টি ) ত উজ্বলিল বোকাখাতৰ যুৱক  অনুপম শইকীয়া  :
Aiidesh Photo

Aiidesh News  : 13 May 2024 :

দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান মুম্বাইৰ ভাৰতীয় প্ৰদ্যোগিক প্ৰতিষ্ঠানে আয়োজন কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ এক কৰ্মশালাত সমল ব্যক্তি হিচাবে আমন্ত্ৰিত হৈ অংশগ্ৰহন কৰে বোকাখাতৰ যুৱক অনুপম শইকীয়াই ৷ মুম্বাইৰ আগশাৰীৰ প্ৰতিষ্ঠান মেটাভিয়ানৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাবে কৰ্মৰত অনুপম শইকীয়াই ইতিমধ্যেই কৃত্ৰিম বুদ্ধিমত্তা আৰু স্পেচিয়েল কম্পিউটিঙৰ ওপৰত বিভিন্ন উদ্ভাৱনেৰে দেশৰ লগতে বিদেশতো সুনাম কৰিবলৈ সক্ষম হৈছে ৷ মেটাভিয়ানৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাবে কৰ্মৰত অনুপম শইকীয়াই ইতিমধ্যেই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত বিভিন্ন উদ্ভাৱনেৰে দেশৰ লগতে বিদেশতো সুনাম কৰিবলৈ সক্ষম হৈছে ৷ মুম্বাইৰ ভাৰতীয় প্ৰদ্যোগিক প্ৰতিষ্ঠানে ১২ মে'ত আয়োজন কৰা ট্ৰেঞ্চলেচ’নেল এ আই,  জাৰ্ণি অৱ এন আইডিয়া ফ্ৰম লেব টু প্ৰেকটিচ শীৰ্ষক এক বিশেষ কৰ্মশালাত দেশৰ কেইবা গৰাকীও  বিশেষজ্ঞৰ সৈতে সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰে ৷

নতুন দিল্লীৰ ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বিলিয়াৰী চায়েঞ্চৰ চেঞ্চেলৰ পদ্মভূষন শিৱ কুমাৰ চিৰিণ মুখ্য অতিথি আৰু ভাৰতীয় নৌসেনাৰ ভাইচ এডমিৰেল তথা চাৰ্জন আৰতি চাৰিনে অতিথি হিচাবে অংশগ্ৰহন কৰা এই কৰ্মশালাত আন চাৰিগৰাকী সমল ব্যক্তিৰ লহতে অনুপম শইকীয়াও এগৰাকী সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰে ৷ আন চাৰি গৰাকী সমল ব্যক্তি হ'ল জেনেচিচৰ মুখ্য কাৰিকৰী বিষয়া অনিৰুদ্ধ ৰয়,  টেলিকমিউনিকেচন বিভাগৰ সহকাৰী সঞ্চালক কুমুদ জিণ্ডাল, অধ্যাপক মাকাৰাণ্ড কুলকাৰণী আৰু ভাৰতীয় প্ৰশাসনীয় সেৱা বিষয়া অমৃত চাইনী ৷ ১২ মে'ত অনুষ্ঠিত হৈ যোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ এই কৰ্মশালাত মুম্বাইৰ ভাৰতীয় প্ৰদ্যোগিক প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপকে অংশ গ্ৰহন কৰে ৷ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত মুম্বাইৰ ভাৰতীয় প্ৰদ্যোগিক প্ৰতিষ্ঠানত সমল ব্যক্তি হিচাবে অনুপম শইকীয়া প্ৰথম গৰাকী অসমীয়া যুৱক ৷ অনুপম শইকীয়া বোকাখাত প্ৰবীণ সাংবাদিক তথা অল আসাম প্ৰেছ ক'ৰেচপণ্ডেন্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়া আৰু ৰাজ্যিক কৃৰ্তি শিক্ষয়িত্ৰীৰ বঁটা প্ৰাপ্ত চন্দ্ৰপ্ৰভা শইকীয়াৰ কনিষ্ঠ পুত্ৰ ৷ অনুপম শইকীয়া এইদেশ সংবাদ গোষ্ঠী উপদেষ্টা মণ্ডলীৰো এজন সদস্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অসমীয়া বাতৰি পঢ়োতা সৃষ্টিৰ প্ৰথমজন যুৱক ৷ 

উল্লেখ্য যে কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন কৌশল উদ্ভাৱনৰ বাবে মুম্বাইৰ ভাৰতীয় প্ৰদ্যোগিক প্ৰতিষ্ঠানে অনুপম শইকীয়াৰ মেটাভিয়ান প্ৰতিষ্ঠানৰ সৈতে ইতিমধ্যেই এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰো কৰিছে ৷ কৰ্মশালাৰ আৰম্ভনীতেই মুম্বাইৰ ভাৰতীয় প্ৰদ্যোগিক প্ৰতিষ্ঠানে নৱ নিযুক্ত অধ্যাপক শ্ৰীৰেশ বি কেডাৰে মেটাভিয়ান প্ৰতিষ্ঠানৰ উদ্ভাৱনক প্ৰশংসা কৰে ৷ কৰ্মশালাৰ লগতে মেটাভিয়ানে  প্ৰদ্যোগিক প্ৰতিষ্ঠান খনত প্ৰতিষ্ঠানৰ উদ্ভাৱন মেটাস্কিলচ, ভি আৰ চাৰ্জাৰী, ভি আৰ এডুলেপ প্ৰদৰ্শন কৰে ৷

********