ধনশিৰিমুখত পুনৰ উৰ্ধমুখী জলপৃষ্ঠ : ধনশিৰিমুখ আৰু নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ :

ধনশিৰিমুখত পুনৰ উৰ্ধমুখী জলপৃষ্ঠ : ধনশিৰিমুখ আৰু নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ :
Source - CWC

 

ধনশিৰিমুখত পুনৰ উৰ্ধমুখী জলপৃষ্ঠ : ধনশিৰিমুখ আৰু নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ : 

Aiidesh Exclusive :  13 July 2023  :

জলসম্পদ বিভাগৰ তথ্য মতে ১৩ জুলাইৰ পুৱা ৩ বজাত ধনশিৰিমুখত পুনৰ বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই ৷ পুৱা ৭ বজাৰ তথ্য মতে বিপদসীমাৰ ০.০৫ মিটাৰ ওপৰত আছে জলপৃষ্ঠ আৰু পানী বাঢ়ি আছে ৷ পুৰ্বানুমান মতে ধনশিৰিমুখত বৃদ্ধি পাই থাকিব ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷

ইফালে নিমাতীঘাটৰ জলপৃষ্ঠ ১২ জুলাইৰ নিশাতকৈ ১৩ জুলাইৰ পুৱা অস্বাভাৱিক ভাৱে ০.৫৯ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়িয়েই আছে ৷ পুৰ্বানুমান মতে নিমাতীঘাটৰ জলপৃষ্ঠ ১৫ জুলাইৰ বিয়লি লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ যাৰ বাবে ধনশিমুখৰ জলপৃষ্ঠও বৃদ্ধি পাব ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১৫ জুলাইৰ বিয়লিলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ৷

ডিব্ৰুগড়তো ১২ জুলাইৰ নিশাতকৈ ১৩ জুলাই পুৱা ০.২২ মিটাৰ বৃদ্ধি পাইছে ৷ পুৰ্বানুমান মতে ডিব্ৰগড়তো ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ১৬ জুলাইৰ বিয়লিলৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷

ইফালে যোৱা ১২ ঘন্টাত অৰুণাচলৰ পাচিঘাটত চিয়াং নদীৰ জলপৃষ্ঠ ০.২৯ মিটাৰ বৃদ্ধি পাইছে যদিও ইংকিয়ং আৰু টুটিংৰ জলপৃষ্ঠ নিম্নগামী হৈছে ৷

*************