কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষলৈ টাটা মটৰ্চৰ ২০ লাখ টকীয়া গাড়ী : দেশজুৰি টাটা মটৰ্চৰ কাজিৰঙা এডিচনৰ বিপনন আৰম্ভ :

Aiidesh photo

Aiidesh News  :  23 April :

দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাতা টাটা মটৰ্ছে অলপতে মুকলি কৰা "কাজিৰঙা এডিচন" নামৰ নতুন হেৰিয়াৰ গাড়ী এখন আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ এই উপলক্ষে কাজিৰঙাৰ কহঁৰাত আয়োজিত এক অনুষ্ঠানত কাজিৰঙাৰ নামত উলিওৱা কাজিৰঙা এডিচনৰ প্ৰায় ২০ লাখ টকা মূল্যৰ গাড়ীখনৰ চাবি কাজিৰঙাৰ কৰ্তৃপক্ষৰ হাতত অৰ্পন কৰে ৷ অনুষ্ঠানত অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মূখ্য বন বল অমৃত সাহায়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্র শৰ্মা, ডি এফ অ' ৰমেশ কুমাৰ গগৈ, টাটা মটৰ্ছৰ বিপনন বিভাগৰ ভাইচ চেয়াৰমেন ৰাজন আম্বা, উৎপাদন বিভাগৰ ভাইচ চেয়াৰমেন মোহন চাভাৰকাৰ উপৰিও অনান্য বিষয়া কৰ্মচাৰীও উপস্থিত থাকে ।

টাটা মটৰ্চৰ বিষয় ববীয়াৰ মতে টাটাৰ কাজিৰঙা এডিচন ব্ৰেণ্ডৰ ৫ টা মডেল ইতিমধ্যে বজাৰত মুকলি কৰা হৈছে আৰু সমগ্র দেশৰ বজাৰত উপলব্ধও হৈছে । অনুষ্ঠানত টাটা মটৰচৰ হৈ জেষ্ঠ প্ৰৱন্ধক প্ৰখ্যাত বৰুৱাই সকলোকে অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

*******