কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৬ সংখ্যাক তিনিদিনীয়া আৱাসিক প্ৰকৃতি শিবিৰৰ শুভাৰম্ভ : কাষৰীয় গাওঁৰ ১৫ খন বিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৬ সংখ্যাক তিনিদিনীয়া আৱাসিক প্ৰকৃতি শিবিৰৰ শুভাৰম্ভ  : কাষৰীয় গাওঁৰ ১৫ খন বিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন :
Aiidesh Photo

Aiidesh News  : 10 May 2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ১৬ সংখ্যক আৱাসিক প্ৰকৃতি শিৱিৰৰ তিনিদিনীয়া অনুষ্ঠান ৷ বিগত ১৫ বছৰে অনুষ্ঠিত হৈ অহা এই বাৰ্ষিক অনুষ্ঠানত এইবাৰ কাজিৰঙাত থকা ৱাইল্ড গ্ৰাছ ৰিজৰ্টাত অনুষ্ঠিত হৈছে ৷ এই আৱাসিক প্ৰকৃতি শিৱিৰত কাজিৰঙাৰ আটাইবোৰ বনাঞ্চলৰ লগতে কাৰ্বি আংলং জিলাৰ ডলামৰা বনাঞ্চলক সামৰি মুঠ ১৫ বিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ উপৰিও বোকাখাতৰ উজনি অসম দিব্যাংগ কেন্দ্ৰৰ ৪ গৰাকী দিব্যাংগ শিশুয়েও অংশ গ্ৰহন কৰিছে ৷ ২০০৭ বৰ্ষতে আৰম্ভ হোৱা এই অনুষ্ঠানটোয়ে ইতিমধ্যেই সফলতাৰ ১৫ টা বছৰ অতিক্ৰম কৰিছে ৷ অনুষ্ঠানত আৰণ্যক, কৰবেট ফাউণ্ডেচন, দক্ষিন ফাউণ্ডেচন, বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ভুমি, কাজিৰঙা ৱাইল্ড লাইফ চ'চাইটি আৰু আঘোন হোমষ্টেয়ে বিশিষ সহযোগিতা আগবঢ়াইছে ৷

কাজিৰঙাৰ ৱাইল্ড গ্ৰাছ নামৰ ৰিজৰ্টৰ চৌহদত ৯ মে'ত এই আৱাসিক প্ৰকৃতি শিৱিৰৰ শুভাৰম্ভৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত অসমৰ বন বিভাগৰ অৱসৰ প্ৰাপ্ত মুখ্য বন সংৰক্ষক উৎপল বৰা, কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ, অসম গৌৰৱ প্ৰাক্তন বন বিষয়া ধৰণীধৰ বড়ো, প্ৰাক্তন বন বিষয়া মুকুল তামুলী, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশ, সহকাৰী বন সংৰক্ষক নৱজ্যোতি ৰাজবংশী,  অলেক চাক্সেনা, বনাঞ্চলিক বিষয়া মনজিত সোনোৱালকে ধৰি বিভিন্ন বন বিষয়া, আৰণ্যক নামৰ প্ৰকৃতি সংগঠনৰ জীৱ বিজ্ঞানী ড৹ নৱ দত্ত, আৰিফ হুছেইন, প্ৰকৃতিবিদ মনোজ গগৈ, বিশিষ্ট সাংবাদিক অভিজিত গগৈ, বিশ্ব প্ৰকৃতি নিধিৰ জয়ন্ত ডেকা, কৰবেট ফাউণ্ডেচনৰ ৰূপম শইকীয়া, পঙ্কজ শৰ্মা, প্ৰকৃতি শিবিৰৰ প্ৰাক্তন অংশগ্ৰহনকাৰী অংকুৰ নাহক, ৰোহিত পাত্ৰ আদি উপস্থিত থাকে ৷

পৰিবেশ কৰ্মী উত্তম শইকীয়া আৰু গীতাঞ্জলি কলিতাই পৰিচালনা কৰা উদ্বোধণী অনুষ্ঠানত বন বিষয়া উৎপল বৰা আৰু কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে বন্তি প্ৰজ্বলন কৰি ১৬ সংখ্যক এই প্ৰকৃতি শিৱিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ অনুষ্ঠানত প্ৰকৃতি শিৱিৰত অংশ গ্ৰহন কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আৰণ্যকৰ উদ্যোগত বেগসহ শিক্ষণ সামগ্ৰিৰ টোপোলা প্ৰদান কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানৰ পিচতেই অসম গৌৰৱ ধৰণীধৰ বড়ো আৰু মুকুল তামুলীয়ে কাজিৰঙাৰ বিভিন্ন কাহিনীৰ বৰ্ণনা কৰাৰ লগতে ড৹ দেৱ দত্তই গঁড়ৰ বিষয়ে সচিত্ৰ উপস্থাপন আৰু আৰণ্যকৰ আৰিফ হুছেইন , মনোজ গগৈ আৰু প্ৰকাশ নায়কে প্ৰকৃতিৰ বিভিন্ন পক্ষীৰ লগতে পক্ষী নিৰীক্ষণৰ বিভিন্ন দিশ অৱগত কৰে ৷ পৰৱৰ্তী সময়ত কৰবেট ফাউণ্ডেচনৰ পৰিবেশ কৰ্মী দিব্যজ্যোতি শইকীয়াই দিনটোৰ বিভিন্ন কাৰ্যসুচীৰ পৰ্যালোচনাৰে কাৰ্যসুচীৰ সামৰণী মাৰে ৷ 

কাজিৰঙাৰ এক ঐতিহ্যলৈ পৰিগনিত হোৱা এই প্ৰকৃতি শিৱিৰত বিগত ১৫ টা বছৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ ছাত্ৰ ছাত্ৰী সকলক এক বিশেষ নিৰ্বাচনী এই শিৱিৰলৈ অনা হয় ৷ এতিয়ালৈকে ৬ শ গৰাকীতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে বিগত ১৫ বছৰত এই প্ৰকৃতি শিৱিৰত অংশ গ্ৰহন কৰিছে ৷ উল্লেখ্য যে বিগত ১৫ বছৰত প্ৰকৃতি শিৱিৰত অংশ গ্ৰহন কৰি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰো সমাবেশ আয়োজন কৰিছে উদ্যোগতা সকলে ৷ এই শিৱিৰত অংশ গ্ৰহন কৰা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে সম্প্ৰতি বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণ উপৰিও কলা সংস্কৃতিৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত লৈ সেৱা আগবঢ়াই আহিছে ৷ ৯ মে’ পৰা আৰম্ভ হোৱা এই প্ৰকৃতি শিৱিৰত অংগ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলে প্ৰকৃতিৰ বিভিন্ন ক্ষেত্ৰ, বন্যপ্ৰাণী বিষয়ে অধ্যয়ন কৰাৰ সুবিধা লাভ কৰাৰ উপৰিও ক্ষেত্ৰ অধ্যয়ন কৰি অহা দুটা দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো দৰ্শন কৰিব ৷

*******