বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত প্ৰাকৃতিক ঐতিহ্যৰ বিশেষ কৰ্মশালা :

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত প্ৰাকৃতিক ঐতিহ্যৰ বিশেষ কৰ্মশালা :
Aiidesh Photo
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত প্ৰাকৃতিক ঐতিহ্যৰ বিশেষ কৰ্মশালা :
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত প্ৰাকৃতিক ঐতিহ্যৰ বিশেষ কৰ্মশালা :

Aiidesh News : 24 January -2026 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ ইউনেস্ক’ৰ বিশ্ব প্ৰাকৃতিক ঐতিহ্য পৰিচালনা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ  উদ্যোগত কাজিৰঙাত আজি দিনজোৰা কাৰ্যসুচীৰে প্ৰাকৃতিক ঐতিহ্যৰ কৰ্মশালা অনুষ্ঠিত হয় । কাজিৰঙাৰ কঁহৰাৰ বন বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ কৰ্মশালাৰ আৰম্ভনীতে কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষে আদৰণী ভাষণৰ লগতে উপস্থিত অতিথি আৰু সমল ব্যক্তি সকলক গামোছা,টুপী আৰু স্মাৰকেৰে আদৰণী জনায় । ড০ সোনালী ঘেষে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাবে কাজিৰঙাৰ পৰাচলনা আৰু মৰ্যদা ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰখাত সহায় কৰাৰ বাবে সকলোকে ধন্যবাদ জনায় কাজিৰঙা জৈৱ বৈচিত্ৰাৰ বিষয়ে বৰ্ণনা কৰে । অনুষ্ঠানত বনবিভাগৰ প্ৰধান মুখ্য বনসংৰক্ষক বিনয় গুপ্তা, ডেৰাদুনৰ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ আঁচনি সমন্বয়ক ড০ মধুমিতা পানিগ্ৰাহী, আন্ত:ৰাষ্ট্ৰীয় সমন্বয় বভাগৰ বিষয়া অনুৰঞ্জন ৰয়, প্ৰতিষ্ঠানটোৰ জেষ্ঠ প্ৰকল্প সহকাৰী পুনম স্বতী, কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষ, ডি এফ অ’ অৰুণ বিঘ্নেশ শ্ৰীধৰণ, কাছৰ বিশেষজ্ঞ সুস্মিতা কৰৰ উপৰিও স্থানীয় জনসাধাৰণ, সংবাদ মাধ্যমৰ প্ৰতিনিধি, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ প্ৰতিনিধি, পৰ্যটন বিভাগ, আৰক্ষী বিভাগ, প্ৰত্নতত্ব বিভাগৰ প্ৰতিনিধি আৰু বনকৰ্মী সকলো উপস্থিত থাকে । প্ৰধান মুখ্য বনসংৰক্ষক বিনয় গুপ্তাই জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত অসন দেশৰ ভিতৰত অন্যতম বুলি মন্তব্য কৰে । কৰ্মশালাত ড০ মধুমিতা পানিগ্ৰাহী, অনুৰঞ্জন ৰয় আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াই সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰি সচিত্ৰ উপস্থাপন আৰু হাতে কামে লাগি প্ৰাকৃতিক ঐতিহ্যৰ বিষয়ে আলোচনা আগবঢ়ায় । অংশগ্ৰহনকাৰী সকলেও বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ বাবেও বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ।

**********