ৰাজ্যৰ উৎপাদিত শাক-পাচলি ৰে’লেৰে বহিঃৰাজ্যলৈ নিব

ৰাজ্যৰ উৎপাদিত শাক-পাচলি ৰে’লেৰে বহিঃৰাজ্যলৈ  নিব

লকডাউনৰ পৰিপ্রেক্ষিতত অসমৰ দৰে কৃষিপ্রধান ৰাজ্য এখনৰ সংখ্যাগৰিষ্ঠ কৃষক অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে৷ যাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে এজন দায়িত্বশীল মন্ত্রী হিচাপে মই খুবেই দুখিত আৰু ব্যথিত৷’ আজি তেজপুৰত এই মন্তব্য কৰে কৃষি মন্ত্রী অতুল বৰাই৷

উল্লেখ্য যে আজি মঙলদৈত সাম্প্রতিক পৰিস্থিতিৰ বুজ লৈ সন্ধিয়া তেজপুৰ আৱর্ত ভৱনত আয়োজিত সংবাদমেলত মন্ত্রী বৰাই কয় যে অব্যাহত থকা লকডাউনৰ দিনকেইটাত বিভিন্ন উৰাবাতৰিৰ বাবে ৰাজ্যখনৰ কৃষিজাত সামগ্রী সুচাৰুৰূপে বিক্রী কৰিব পৰা হোৱা নাই৷ চাহিদা থকা সত্ত্বেও বিশেষ বিশেষ অঞ্চলৰ কৃষকৰ উৎপাদিত শাক-পাচলি চৰকাৰীভাৱে বিক্রীৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া পর্যাপ্ত নহয়৷

কিয়নো যাতায়াতৰ অসুবিধাৰ লগতে চুবুৰীয়া ৰাজ্যসমূহেও সম্প্রতি অসমৰ শাক-পাচলি ক্রয়ৰ বাবে ইচছা কৰা নাই৷ যাৰ বাবে অসমৰ কৃষকসকলে অভাৱনীয় লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে৷ এই সমগ্র বিষয়টো পর্যালোচনাসহ সমাধানৰ বাবে এখন উচচস্তৰীয় সমিতি গঠন কৰা হৈছে৷ এই দুর্ভগীয়া কৃষকসকলক কিছু পৰিমাণে সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰ, কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা দুহাজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়াইছে৷

সাংবাদিকৰ প্রশ্নৰ উত্তৰত সামাজিক দূৰত্ব ৰক্ষা কৰি খেতি পথাৰলৈ কৃষকসকল যাব পাৰিব বুলি উল্লেখ কৰি মন্ত্রী অতুল বৰাই সাৰ, কীটনাশক দ্রব্য বিক্রীৰ বাবেও শিথিলতা থাকিব বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে বহিঃৰাজ্যত অসমৰ শাক-পাচলি বিক্রীৰ বাবে যোগাযোগ অব্যাহত ৰখা হৈছে যদিও কেইখনমান ৰাজ্যত চাহিদা থাকিলেও শংকিত হৈ কৃষিজাত সামগ্রী ক্রয় কৰাৰ পৰা বিৰত আছে৷

ইফালে কৃষিজাত সামগ্রী, পশু খাদ্য, সাৰ ইত্যাদি আমদানি-ৰপ্তানিৰ বাবে ১৯খন ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জনায়৷ আনহাতে মাছ-মাংসৰ বিক্রীত যিহেতুকে বাধা নাই, গতিকে মাংসৰ বিক্রী আৰু পশু পালকক সকাহ দিয়াৰ বাবেও চিন্তা কৰা হৈছে বুলি মন্ত্রীগৰাকীয়ে জনায়৷

আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিং, আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্তৰ উপস্থিতিত কৃষি আৰু পশুপালন বিভাগৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত সংবাদমেলখনত মন্ত্রী বৰাই আৰু কয় যে দ্বিতীয় পর্যায়ৰ লকডাউন আজি আৰম্ভ হৈছে৷ লকডাউনৰ কালছোৱাত সর্বসাধাৰণ ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ নির্দেশ দিয়া হৈছে৷

কঠোৰ হাতেৰে লকডাউন ভংগকাৰীক দমন কৰিব আৰক্ষীয়ে৷ সাংবাদিকৰ প্রশ্নৰ উত্তৰত কৃষি মন্ত্রীগৰাকীয়ে প্রসংগক্রমে ৰাজ্যৰ কৃষকৰ উৎপাদিত সামগ্রী ৰাখিব পৰাকৈ ৰাজ্যখনত অদ্যাপি ক’ল্ড ষ্ট’ৰেজ ব্যৱস্থাই বিশেষ অগ্রগতি লাভ নকৰাত কৃষকৰ উৎপাদিত শাক-পাচলি ৰখাৰ ক্ষেত্রত চৰকাৰ উপায়হীন বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷