কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহৰ বিশেষ অনুষ্ঠান :

 

Aiidesh News : 5 October 2023 : 

ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত, বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ সহযোগত মহবিদ্যালয় এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ বন্যপ্ৰাণী সংৰক্ষন আৰু সাহিত্য সংস্কৃতিত কাজিৰঙা শীৰ্ষক এই মনোজ্ঞ অনুষ্ঠানত স্থানীয় বিশিষ্ট ব্যক্তি আমন্ত্ৰিত কবি,  সাহিত্যিকৰ উপৰিও মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে গীত আৰু কবিতা পাঠ কৰে ৷ 

২ অক্টোবৰৰ পৰা চলি থকা ৬৯ সংখ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ ২০২৩ৰ  উদযাপনৰ অংশ হিচাবে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপকদ্বয় ড° বিদ্যুৎ বৰুৱা আৰু ফাল্গুন চেতিয়াৰ তত্বাবধানত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ভাৰতীয় বন সেৱাৰ বিষয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম গৰাকী মহিলা সঞ্চালক ড° সোণালী ঘোষে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে। সাংবাদিকৰে সৈতে হোৱা মত বিনিময়ত ড° ঘোষে নতুন পৰিকল্পনা সন্দৰ্ভত কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে থকা অখ্যাত ঠাই সমূহৰ বিষয়ে প্ৰচাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অধিক সুন্দৰ, আকৰ্ষণীয়  আৰু গুৰুত্বপূৰ্ণ পৰ্যটনথলী হিচাবে গঢ়ি তোলাৰ বাবে তেওঁ পৰিকল্পনা হাতত ল'ব। ড° ঘোষে আৰু কয় যে পূৰ্বে পৰ্যটকক যাবলৈ অনুমতি নিদিয়া ৰাষ্ট্ৰীয় উদ্যানৰ কিছু স্থানলৈকো পৰ্যটকক যোৱাৰ অনুমতি প্ৰদান কৰা হ'ব। 

বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক, প্ৰকৃতিপ্ৰেমী উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, বিশিষ্ট কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মা, কবি-লেখিকা-সাংবাদিক মৃদুষ্মিতা শৰ্মা, কবি-সাংবাদিক অজন্তা তালুকদাৰ । অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰী চিৰঞ্জিতা দত্তই । আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দত্তই । অনুষ্ঠানত বিশিষ্ট অতিথি সকলক একোখনিকৈ ফুলাম গামোচা আৰু মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ একোখনিকৈ স্মৃতিগ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয় ৷ 

মনোজ্ঞ এই অনুষ্ঠানত কবিতা পাঠ কৰে গীতাঞ্জলি কলিতা, মহাবিদ্যালয় খনৰ ছাত্ৰী কোমল কুঁহি কাশ্যপ, অমৰ শৰ্মা, মৃদুষ্মিতা শৰ্মা, অজন্তা তালুকদাৰ, ছাত্ৰী ৰাজশ্ৰী শইকীয়াই । কবিতা আবৃত্তি কৰে ছাত্ৰী দেইজি সন্দিকৈয়ে ৷ লোকগীত পৰিৱেশন কৰে ছাত্ৰী স্বাস্বতি দাসে । বিশিষ্ট অতিথি ক্ৰমে জিতু শৰ্মা ৰাজখোৱা, সূৱৰ্ণ শইকীয়া বৰদলৈ, ভৱানন্দ কলিতা, বুবুল দত্তই বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি সকল, কবিতা পাঠ কৰা ছাত্ৰ ছাত্ৰী সকলৰ লগতে আঁত ধৰোতা সাংবাদিক উত্তম শইকীয়াক কাজিৰঙা কৰ্তৃপক্ষৰ তৰফৰ পৰা ড° সোণালী ঘোষে একোটিকৈ স্মাৰক উপহাৰ দিয়ে । অনুষ্ঠানৰ শেষত বক্তব্য ৰাখে কাজিৰঙাৰ সঞ্চালক ড° সোণালী ঘোষে । অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বৃন্দ, ছাত্ৰ ছাত্ৰী সকলৰ লগতে বোকাখাতৰ আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । শেষত শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যাপক বিদ্যুৎ বৰুৱাই ।

***********