ব্ৰহ্মপুত্ৰৰ কাঠ চাপৰিত গঁড় হত্যাৰ পৰিকল্পনা কৰা দ্বিতীয়টো গঁড় চিকাৰীক কৰায়ত্ব : গহপুৰৰ পৰা গঁড় চিকাৰী দেৱজিত গগৈক গ্ৰেপ্তাৰ :

ব্ৰহ্মপুত্ৰৰ কাঠ চাপৰিত গঁড় হত্যাৰ পৰিকল্পনা কৰা দ্বিতীয়টো গঁড় চিকাৰীক কৰায়ত্ব : গহপুৰৰ পৰা গঁড় চিকাৰী দেৱজিত গগৈক গ্ৰেপ্তাৰ :
গঁড় চিকাৰীক কৰায়ত্ব

চলিত মাহৰ ৬ তাৰিখে বোকাখাত মহকুমাৰ ব্ৰহ্মপুত্ৰৰ নদীৰ কাঠ চাপৰিত স্থানীয় ৰাইজে  কৰায়ত্ব কৰিছিল গাগম ইকো নামৰ অৰুণাচলৰ পৰা অহা এটা গঁড় চিকাৰীক ৷ কাজিৰঙাৰ পৰা ওলাই আহি ব্ৰহ্মপুত্ৰৰ চাপৰিত বিচৰণ কৰা এটা গঁড়ক হত্যাৰ পৰিকল্পনা কৰিছিল এই গঁড় চিকাৰী আৰু তাৰ দলে ৷ ৰাইজে কৰায়ত্ব কৰি এই গঁড় চিকাৰীটোক কমাৰগাওঁৰ আৰক্ষীৰ হাতত অৰ্পন কৰিছিল স্বানীয় ৰাইজে ৷  গাগম ইকো নামৰ চোৰাংচিকাৰী জনৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত মহকুমাৰ কমাৰগাওঁ আৰক্ষীয়ে বৃহস্পতি বাৰৰ দিনা দলটোৰ আন এজন দুধৰ্ষ চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷ গহপুৰৰ পূর্বজ্যোতি কৃষিপাম নিগমত অভিযান চলাই দেৱজিত গগৈ নামৰ এই দুধৰ্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ অভিযানকাৰী দলে । আৰক্ষীৰ জেৰাত ধৃত দেৱজিত গগৈয়ে গঁড় চিকাৰত জড়িত থকাৰ উপৰিও দীৰ্ঘ দিনৰ পৰা অৰুণাচল প্রদেশ আৰু নগালেণ্ডৰ চোৰাং বজাৰত গঁড়ৰ খৰ্গ বিক্ৰীৰ স’তে জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ময়ুৰজিত গগৈয়ে জনাইছে । ধৃত গঁড়ৰ চোৰাংচিকাৰী দুজনৰ স্বীকাৰোক্তিত গঁড় হত্যাৰ বহুবোৰ বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ উপৰিও চোৰাংচিকাৰীৰ দলটোৰ বাকী সদস্যক বিচাৰিও অভিযান চলাই আছে আৰক্ষীয়ে ৷

**********