চীনৰ পর্যটকস্থলত অগণন লোকৰ ভিৰ

চীনৰ পর্যটকস্থলত অগণন লোকৰ ভিৰ

মগ্র চীনত কালিলৈকে কৰ’না ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা আছিল ৮১,৭৪০ ইয়াৰ ভিতৰত ১২৪২ জনৰ চিকিৎসা এতিয়াও কৰি থকা হৈছে আৰু আৰোগ্য লাভ কৰাৰ পাছত ৭৭,১৬৭ জন ৰোগীক যাবলৈ দিয়া হৈছে৷

এইৰোগত মৃত্যু হৈছে ৩,৩৩১জনৰ৷ চীনৰ চৰকাৰ-পৰিচালিত সংবাদ প্রতিষ্ঠান ঝিনহুৱাই কয় যে কালি চীনে প্রথমবাৰৰ বাবে এটা চৰকাৰী ঘোষণা কৰে আৰু তাত উল্লেখ কৰে যে কৰ’না ভাইৰাছ প্রথমতে ধৰা পৰিছিল উহানত, ডিচেম্বৰত৷ তাত এই সংক্রমণক ‘অজ্ঞাত কাৰণত হোৱা নিউমোনিয়া’ বুলি লিপিবদ্ধ কৰা হৈছিল৷ ইফালে অৱস্থা ভাললৈ অহাৰ কাৰণে চীনে উহানৰ কেইবাখনো অস্থায়ী চিকিৎসালয় বন্ধ কৰি দিছে৷

লকডাউন শিথিল কৰিবলৈ চলোৱা প্রচেষ্টাৰ অংশ হিচাপে অন্তিমখন অস্থায়ী চিকিৎসালয় বন্ধ কৰি দিয়া হৈছে৷ লকডাউনৰ সময়ত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰাত এতিয়া হাজাৰ হাজাৰ লোকে দেশখনৰ পর্যটকৰ বাবে আকর্ষণীয় আৰু জনপ্রিয় ঠাইবোৰত ভিৰ কৰিছে আৰু ইয়াৰ ফলত সামাজিক দূৰত্ব বজাই ৰখাৰ সতর্কতা উলংঘা হৈছে৷

প্রাদেশিক চৰকাৰে দর্শনার্থীসকলৰ বাবে বিনামূলীয়া প্রৱেশৰ ব্যৱস্থা কৰাত আনহুইৰ ‘হুৱাংশ্বান মাউণ্টেইনছ’ত অগণন লোকে ভিৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছে৷ এই ঠাইখনত দিনে ২০ হাজাৰ দর্শনার্থীকহে প্রৱেশ কৰিবলৈ দিয়া হয়৷

কিন্তু তাতকৈ দর্শনার্থী বহু বেছি হোৱাৰ কাৰণে চৰকাৰে পর্যটকৰ বাবে আকর্ষণীয় স্থানডোখৰ বন্ধ কৰি দিয়ে৷ ছাউথ চাইনা মর্নিং প’ষ্টে এই বাতৰি দিছে৷ কৰ’না মহামাৰী চলি থকাৰ মাজতো মানুহৰ এনেধৰণৰ ভিৰক বহুতে চোকা সমালোচনা কৰিছে আৰু কর্তৃপক্ষকহে শাস্তি বিহিব লাগে বুলি দাবী জনাইছে৷