কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত: ৰাষ্ট্ৰীয় প্ৰাইমেটত দিৱস উদযাপন : স্থানীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত: ৰাষ্ট্ৰীয় প্ৰাইমেটত দিৱস উদযাপন : স্থানীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন  :
Aiidesh photo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত: ৰাষ্ট্ৰীয় প্ৰাইমেটত দিৱস উদযাপন : স্থানীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত : ৰাষ্ট্ৰীয় প্ৰাইমেটত দিৱস উদযাপন : স্থানীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন  :

Aiidesh News :  1st September :

আজি আন্ত: ৰাষ্ট্ৰীয় প্ৰাইমেট দিৱস ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলতো উদ্যান কৰ্তৃপক্ষ আৰু কৰবেট ফাউণ্ডেচৰ উদ্যোগত আন্ত : ৰাষ্ট্ৰীয় প্ৰাইমেটচ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি পুৱাতে কাজিৰঙাৰ কাষৰীয় মহাবিদ্যালয় সমুহৰ পৰা একাংশ ছাত্ৰ ছাত্ৰীক পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ পানবাৰী সংৰক্ষিত বনাঞ্চললৈ হলৌ বান্দৰ, টুপী মুৰিয়া বান্দৰকে ধৰি বিভিন্ন প্ৰজাতিৰ বান্দৰ দেখুৱাবৰ বাবে লৈ যোৱা হয় ৷ 

পানবাৰী বনাঞ্চলত ট্ৰেকিং কৰাৰ প্ৰাক ক্ষনত আয়োজিত এক অনুষ্ঠানত কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক চিৰঞ্জীৱ জৈন, কহঁৰাৰ বনাঞ্চলিক বিয়য়া ডা৹ বিভুতি ৰঞ্জন গগৈ, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে, জেষ্ঠ সাংবাদিক প্ৰকৃতিবিদ উত্তম শইকীয়া, কৰবেট ফাউণ্ডেচনৰ সমন্বয়ক সুমন্ত কুণ্ডু আৰু দিব্যজ্যোতি শইকীয়া উপস্থিত থাকে ৷ পৰৱৰ্তী সময়ত সমল ব্যক্তিৰ নেতৃত্বত তিনিটা দলত বিভক্ত হৈ ছাত্ৰ ছাত্ৰী সকলে পানবাৰী সংৰক্ষিত বনাঞ্চলৰ সীমাৰে ট্ৰেকিং কৰি বান্দৰ প্ৰজাতি বিষয়ে সমল ব্যক্তি সকলৰ পৰা পাঠ গ্ৰহনো কৰে ৷ এই কাৰ্যসুচীত কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু চি এন বি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীয়েও অংশ গ্ৰহন কৰে ৷ ট্ৰেকিংৰ সময়ত ছাত্ৰ ছাত্ৰী সকলে পানবাৰী সংৰক্ষিত বনাঞ্চলৰ টুপীমুৰীয়া বান্দৰ আৰু মালয়ান কেৰ্কেটুৱাও দৰ্শন কৰে ৷

ট্ৰেকিংৰ পিচতে কহঁৰাৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰত আয়োজিত মত বিনিময়ৰ এক বিশেষ অনুষ্ঠানতো ছাত্ৰ ছাত্ৰী সকলে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ,  কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাৰ লগতে ডা৹ নবীন পাণ্ডে আৰু সুমন্ত কুণ্ডো উপস্থিত থাকি ছাত্ৰ ছাত্ৰ লগত মত বিনিময় কৰাৰ উপৰিও প্ৰাইমেট সম্পৰ্কত সচিত্ৰ উপস্থাপনেৰ বিস্তৃত আলোচনাও কৰে ৷ অনুষ্ঠানত বান্দৰৰ প্ৰজাতি উপ প্ৰজাতি,  সংৰক্ষণৰ গোলকীয় স্থিতি,  খাদ্য,  আৱাসস্থল,  জনবসতিৰ বিস্তৃতিৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰী সকলক জ্ঞান প্ৰদান কৰা হয়  ৷

*********