কাজিৰঙাৰ কাষৰীয় গাওঁ আৰু চাপৰিত গৰু ম'হক প্ৰতিষেধক প্ৰদান উদ্যান কৰ্তৃপক্ষৰ : বোকাখাত বনাঞ্চলত তিনি সহস্ৰাধিক পশুক প্ৰতিষেধক প্ৰদান :

কাজিৰঙাৰ কাষৰীয় গাওঁ আৰু চাপৰিত গৰু ম'হক প্ৰতিষেধক প্ৰদান  উদ্যান কৰ্তৃপক্ষৰ : বোকাখাত বনাঞ্চলত তিনি সহস্ৰাধিক পশুক প্ৰতিষেধক প্ৰদান :
Photo : Uttam Saikia

কাজিৰঙাৰ কাষৰীয় গাওঁ আৰু চাপৰিত গৰু ম'হক প্ৰতিষেধক প্ৰদান  উদ্যান কৰ্তৃপক্ষৰ : বোকাখাত বনাঞ্চলত তিনি সহস্ৰাধিক পশুক প্ৰতিষেধক প্ৰদান : 


AIIDESH NEWS : 17 .May :


অকল গাহৰিৰ চোৱাইন ফিভাৰৰ পৰাই নহয় পোহনীয়া গৰু ম'হৰ পপৰাও সংক্ৰমিত হ'ব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী ৷ এই সম্পৰ্কত বিগত সময়চোৱাত  সতৰ্কতা অৱলম্বন কৰি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ বিগত সময়ছোৱাত কাজিৰঙাৰ কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় পশুধনৰ কল্যাণ আৰু বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে জনসাধাৰণৰ পশুধনৰ ৰোগ প্ৰতিষেক প্ৰদানৰ কাম কৰি আহিছে ৷ বিগত বৰ্ষৰ দৰে এই বছৰো ১ মে' পৰা প্ৰতিষেধক প্ৰদানৰ কাৰ্য আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙাত কৰ্মৰত বেচৰকাৰী সংগঠন আৰণ্যক , বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ভূমি আৰু কৰবেট ফাউণ্ডেচনৰ সহযোগত আৰম্ভ কৰা পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান ইতিমধ্যেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলত সম্পুৰ্ণ হৈছে ৷ বোকাখাত বনাঞ্চলত কাষৰীয় গাওঁৰ পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযানেৰে ব্ৰহ্মপুত্ৰ নদীৰ ৫ টা চাপৰি আৰু ৩ খন গাওঁৰ মুঠ ৩,৩৭৬ টা গৰু ম'হক প্ৰতিষেধক প্ৰদান কৰে ৷ বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ বিশেষ সহযোগত বোকাখাত বনাঞ্চলৰ ভক্তে চাপৰিত ২৪২ টা, গাভৰু চাপৰিৰ ৭২৭ টা লালুং চাপৰিৰ ৭৪৪ টা, বিলতীয়া চাপৰিৰ ৩৬৬ টা, চহলা গাওঁৰ ৪২১ টা , শিশুবাৰীৰ ৫২২ টা আৰু ধোবাআটি গাওঁৰ ৩৫৪ টা গৰু ম'হক প্ৰতিষেধক প্ৰদানৰ কাম সমাপ্ত কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ নদীৰ চাপৰি বোৰত নিশা কটায় প্ৰতিষেধ প্ৰদানৰ কাম সম্পাদন কৰা দলটোত বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ ডা৹ জানমনি শ্যাম, ডা৹ চৈয়দ মেহতাজ, ডা৹ বিশ্বজিত বৰুৱা, ডা৹ প্ৰনিতা কোঁৱৰ, ডা৹ দেৱব্ৰত ফুকন, ডা৹ অম্লান ফুকন আৰু দীপজ্যোতি হাঞ্চেৰ লগতে বিভাগটোৰ ক্ষেত্ৰ সহায়ক, গোপাল মিত্ৰ আৰু মৈত্ৰী সেৱক সকলে সহযোগ কৰে ৷ সমন্বয়ক হিচাবে দলটোৰ নেতৃত্ব দিয়ে গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন তথা বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়াই ৷ জনসাধাৰণৰ পশুধন কল্যানৰ বাবে সম্পৃৰ্ণ বিনামুলীয়াকৈ কৰা এই প্ৰতিষেধক প্ৰদানৰ বাবে বিশ্ব প্ৰকৃতি নিধিৰ তৰফৰ পৰা ঔষধৰ যোগান ধৰা হয় ৷ ট্ৰায়' ভেক নামৰ এই ঔষধে জহৰ বাত , গল ফুলা আৰু  নামৰ ৰোগৰ পৰা পশুধনক প্ৰতিৰক্ষা দিব বুলি বিভাগীয় তথ্যত প্ৰকাশ ৷ উল্লেখ্য যে ২০১৭ চনৰ পৰা ধাৰাবাহিক ভাৱে কাজিৰঙাৰ কাষৰীয় গাওঁ আৰু চাপৰিবোৰত এই অভিযান চলাই আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷ ইয়াৰ দ্বাৰা কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাই নহয় কাষৰীয় গাওঁৰ জনসাধাৰণৰ পশুধনো সংক্ৰমিত ৰোগৰ পৰা সুৰক্ষিত হৈছে বুলি জনাইছে কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৷