অসমৰ বাকসা জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন :

অসমৰ বাকসা জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন :
Aiidesh Photo
অসমৰ বাকসা জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন :
অসমৰ বাকসা জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন :
অসমৰ বাকসা জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন :

Aiidesh News : 20 November -2024  : 

অসমৰ বন বিভাগ আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ অন্তৰ্গত বাকসা বন সংমণ্ডলে বাকসা জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহায়ত গ্ৰহণ কৰা এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে জিলাখনৰ কমেও ৫০ টা বন্যহস্তীৰ এটা জাকৰ এটা মখনাৰ দেহত সোমবাৰে ৰেডিঅ' কলাৰ সংস্থাপন কৰে । মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ চি ৰমেশৰ নেতৃত্বত আৰু বাকসা বন সংমণ্ডলৰ ডি এফ অ’ গোলাপ বনিয়াৰ নিৰীক্ষণত বন বিভাগৰ লোক আৰু জীৱ বিজ্ঞানীৰ সহযোগত এদল বিশেষজ্ঞ পশু চিকিৎসকে জাৰতালুক অঞ্চলত হাতীটোৰ শৰীৰত চেতনানাশক প্ৰয়োগ কৰি ৰেডিঅ' কলাৰ সংস্থাপন কৰে । ৰেডিঅ’ সংস্থাপনৰ পিচত হাতীটোক পুনৰ জাকটোৰ সৈতে লগ লগাই দিয়া হয় । এছ বি আই ফাউণ্ডেশ্যন আৰু আমেৰিকাৰ মেছাচুচেটছ বিশ্ববিদ্যালয়ৰ অধ্যাপক কাৰ্টিছ গ্ৰীফিনৰ সহায় আৰু উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰাণ্যকৰ সহযোগত এই অভিযানটো সম্পূৰ্ণ কৰা হয় ।

এই অভিযান সম্পৰ্কত অসম ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসকৰ এটা দলক নেতৃত্ব দিয়া চিৰিয়াখানাৰ ডি এফ অ’  অশ্বিনী কুমাৰে কয় যে তেওঁলোকে হাতীটোক কৰায়ত্ব কৰি কলাৰ লগাবলৈ প্ৰয়োজনীয় ঔষধ, চেতনানাশক বন্দুক আৰু আনুষংগিক সামগ্ৰী যোগান ধৰিছিল । ৰেডিঅ’ কলাৰিংৰ এই অভিযানৰ সফলতাই অঞ্চলটোত মানৱ হাতী সংঘাতৰ ফলপ্ৰসু  প্ৰশমনৰ বাবে বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ কৰাত সহায় কৰিব বিষয়াজনে কয় ।

এই প্ৰচেষ্টাক প্ৰশংসা কৰি এছ বি আই ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক সঞ্জয় প্ৰকাশে মন্তব্য প্ৰকাশ কৰি কয় যে “হাতীক ৰেডিঅ’ কলাৰিং কৰাৰ বাবে অসমৰ বন বিভাগৰ এই প্ৰশংসনীয় প্ৰচেষ্টা হাতী সংৰক্ষণৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটা হিচাপে পৰিগণিত হৈছে । এই সাফল্যই সমগ্ৰ ভাৰততে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বহু-অংশীদাৰৰ সহযোগিতাৰ প্ৰয়োজনীয়তাক প্ৰতিপন্ন কৰিছে” । তেওঁ এই অভিযানৰ অন্যতম অংশীদাৰ আৰণ্যকক অভিযানৰ সাফল্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

ৰেডিঅ’ কলাৰিং অভিযানৰ নেতৃত্ব লোৱা পকিবেশকৰ্মী কৌশিক বৰুৱাই মতে “বন্য হস্তীৰ ৰেডিঅ’ কলাৰিংৰ মূল উদ্দেশ্যই হৈছে কোনো এক এলেকা বা বনাঞ্চলত থকা বন্য হস্তীৰ উপস্থিতি নিশ্চিত কৰি হাতী মানুহৰ সংঘাতৰ নিয়ন্ত্ৰনত আৰু ব্যৱস্থাপনাৰে হাতী সংৰক্ষণৰ দিশত কাম কৰা ৷ বাকসা বন সংমণ্ডলৰ ডি এফ অ’ গোলাপ বনিয়াই কয় যে হাতীটোৰ গাত সংস্থাপন কৰা উপগ্ৰহ সংযোজিত আৰু জি পি এছ যুক্ত টেলিমেট্ৰি ৰেডিঅ’ ক’লাৰটোৱে হাতীবোৰৰ প্ৰব্ৰজনৰ ধৰণ,  খাদ্য নিৰ্বাচন আৰু হাতীৰ জাকটো চিনাক্ত কৰি গতি নিৰীক্ষণত  সহায় কৰিব । কলাৰৰ সহায়ত নিৰূপণ কৰা বন্যহস্তীৰ অৱস্থিতিৰ আগতীয়া তথ্যই উক্ত অঞ্চলত মানৱ-হাতী সংঘাত প্ৰশমনতো সহায় কৰিব । আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী আৰু সংস্থাটোৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী ড০ বিভূতি প্ৰসাদ লহকৰে জনোৱা মতে বন্য হস্তীক কৰা ৰেডিঅ’ কলাৰিঙে পৰিৱেশতন্ত্ৰ,  হাতীৰ আৱাসভূমিৰ ব্যৱহাৰৰ ধৰণ,  চাল-চলন আৰু কোনো এক স্থানত হাতীৰ বিচৰণৰ বিষয়ে অধিক বৈজ্ঞানিক আৰু পদ্ধতিগত ভাৱে বুজাত সহায় কৰাৰ উপৰিও হাতী সংৰক্ষণৰ উন্নত কৌশলৰ ৰচনাতো সহায় কৰিব । এই অভিযানক সফল কৰাৰ বাবে আৰণ্যকৰ জ্যেষ্ঠ বিষয়া হিতেন কুমাৰ বৈশ্য, অভিজিৎ বৰুৱা, অনুষ্কা শইকীয়া আৰু দিবাকৰ নায়কৰ লগতে আৰণ্যকৰ এদল জীৱবিজ্ঞানীয়ে এটা দলে যোৱা দুমাহ ধৰি ৰেডিঅ’ কলাৰ সংস্থাপন কৰা হাতীটোক নিৰীক্ষণ কৰি আছিল ।

*********