বাঘৰ বাবে উতপ্ত পৰিস্থিতি তিনিচুকীয়াৰ চাহ বাগিচাত

বাঘৰ বাবে উতপ্ত পৰিস্থিতি তিনিচুকীয়াৰ চাহ বাগিচাত
বাঘৰ বাবে উতপ্ত পৰিস্থিতি তিনিচুকীয়াৰ চাহ বাগিচাত

 

তিনিচুকীয়াৰ লিমুগুৰি চাহ বাগিছাত নাহৰফুটুকী বাঘৰ তাণ্ডৱ ।

এটা পিঞ্জৰাবদ্ধ যদিও আৰু কেইবাটাও বাঘ থকাৰ কথা জনালে চাহ বাগিচাৰ শ্ৰমিকসকলে ।

দীৰ্ঘদিন ধৰি বাগিচা খনত তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে নাহৰফুটুকী বাঘে । 

বিগত কেইবাহ ধৰি লেম্বুগুৰী চাহ বাগিচাত তিনি চাৰিটা বাঘে বাগিচা অঞ্চলত উপদ্ৰৱ কৰি আহিছে । 

বাঘৰ উপদ্ৰৱৰ বাবে সংকাত  দিন কটাবলগীয়া হৈছে   বাগিচাৰ চাহ শ্ৰমিকসকলে ।

বাঘে বৰ্তমানলৈকে বাগিচাৰ কেইবাটাও গৰু ছাগলী খোৱাৰ উপৰিও আক্ৰমণ কৰিছিল চাহ শ্ৰমিকক । বাগিচাৰ চাহ শ্ৰমিকৰ দাবী অনুসৰি বনবিভাগৰ লোকে বিগত এটা মাহ ধৰি পাতিছিল পিঞ্জৰা ৷ অৱশেষত আতংকৰ মাজতে বনবিভাগৰ লোকে বিগত এটা মাহ ধৰি পাতি ৰখা পিঞ্জৰাট যোৱা নিশা আৱদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী । ইতিমধ্যে নাহৰফুটুকীটো বনবিভাগৰ লোকে পিঞ্জৰাসহ উদ্ধাৰ কৰি লৈ যায় ৷

ইফালে নাহৰফুটুকীটো নেজত আঘাটৰ চিন দেখি বনবিভাগে গুইজান আঞ্চলিক বন বিভাগৰ কাৰ্যলয়ত ৰাখি চিকিৎসা কৰি পিছত অৰণ্যত এৰি দিব বুলি জানিব দিয়ে ।