হোম কোৱাৰেন্টাইনৰ সুবিধাৰে গাঁৱে গাঁৱে আইচলেচন কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা বোকাখাত মহকুমা প্ৰশাসনৰ :

হোম কোৱাৰেন্টাইনৰ সুবিধাৰে গাঁৱে গাঁৱে আইচলেচন কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা বোকাখাত মহকুমা প্ৰশাসনৰ :

হোম কোৱাৰেন্টাইনৰ সুবিধাৰে গাঁৱে গাঁৱে আইচলেচন কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা বোকাখাত মহকুমা প্ৰশাসনৰ :  


AIIDESH NEWS. 21May :


দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লক ডাউনলৈকে বোকাখাত মহকুমাত কভিড ১৯ ৰ সংক্ৰমনকলৈ যথেষ্ট সতৰ্কতা লোৱা হৈছিল  যদিও শেহতীয়াকৈ কহঁৰাৰ কোৰেইন্টাইন কেন্দ্ৰত থকা দুজন যুৱকৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰাৰ উপৰিও বোকাখাতৰ নগৰাঞ্চলত তিনিটাকৈ কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰাৰ পাচত এতিয়া যথেষ্ট পৰিমানে সতৰ্ক হৈ পৰিছে মহকুমা প্ৰশাসন ৷ সাম্প্ৰতি বোকাখাতলৈ বৰ্হি ৰাজ্যৰ পৰা  অহা ব্যক্তি সকলৰ পৰা কভিড ১৯ ৰ সংক্ৰমন যাতে নহয় তাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে  বোকাখাতৰ প্ৰশাসনে ৷ বোকাখাত মহকুমাৰ  ১১৭ খন ৰাজহ গাঁৱৰ প্ৰতিখনতে ২ খনকৈ বিদ্যালয় নিৰ্বাচন কৰি আইচলেচন কেন্দ্ৰ গঠন কৰি কোৰেন্টাইন কেন্দ্ৰ পৰা অহা লোকক থাকিব পৰাকৈ অচিৰেই হোম কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হব বুলি মহকুমাধিপতিয়ে জনাইছে ৷  নিৰ্বাচিত বিদ্যালয় সমূহৰ চাৰিসীমাৰ বেৰা, বিজুলী সংযোগ সু ব্যৱস্থা,  খোৱা পানীৰ ব্যৱস্থা থকা, ভাল শৌচাগাৰ আৰু গা ধোৱাৰ সুবিধা থকাৰ লগতে পৰ্যাপ্ত পৰিমাণে ডেক্স -বেন্স থকাতো নিশ্চত কৰি এট তালিকা প্ৰস্তুত কৰিছে মহকুমা প্ৰশাসনে ৷ মহকুমাধিপতিৰ মতে  বৰ্হি ৰাজ্যৰ পৰা বোকাখাতলৈ অহা লোক সকলক কোৱাৰেইন্টাইন কেন্দ্ৰত কভিদ ১৯ ৰ পৰীক্ষাৰ পাচত শৰীৰত কভিড ১৯ ৰ উপস্থিত ধৰা পৰা ব্যক্তি সকলক চিকিৎসাৰ বাবে পঠিয়াই দিয়াৰ বিপৰীতে কভিড ১৯ ৰ উপস্থিতি ধৰা নপৰা ব্যক্তি সকলক নিজৰ অঞ্চলত থকা এই বিদ্যালয়ত বোৰত স্থাপন কৰা আইচলেচন কেন্দ্ৰত হোম কোৱাৰেন্টাইন কৰি ৰখা হ'ব ৷ বিদ্যালয় বোৰৰ প্ৰতিষ্ঠা কৰা আইচলেচন কেন্দ্ৰত এই সকল ব্যক্তিয়ে তেওঁলোকৰ হোম কোৱাৰেন্টাইন ৰ সময় সীমা সম্পুৰ্ণ কৰিব লাগিব ৷ গাওঁৰ বিদাযলয়বোৰত স্থাপন কৰিব লগা এই আইচলেচন কেন্দ্ৰবোৰ নিৰীক্ষণ কৰিবৰ বাবে বোকাখাতৰ সমুহ ছাত্ৰ সংগঠনৰ সদস্য সকলক আহ্বান জনাইছে মহকুমাধিপতিয়ে ৷ বিদ্যালয় বোৰৰ এই আইচলেচন কেন্দ্ৰবোৰক বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চাউল আৰু ডাইলৰ যোগান ধৰিব আৰু পৰিয়ালৰ লোকে খাদ্য প্ৰস্তুত কৰি এই কেন্দ্ৰত থকা পৰিয়ালৰ সদস্যক দিব পাৰিব বুলিও তেওঁ জনায় ৷