বোকাখাতত অসম চাহ জনজাতি ছাত্র সন্থাৰ গোলাঘাট জিলা সমিতিৰ অষ্টম দ্বি-বার্ষিক অধিবেশন : বৰ্নাঢ্য সাংস্কৃতিক সন্ধ্যা :
Aiidesh News : 27 July - 2025 :
অসম চাহ জনজাতি ছাত্র সন্থা, গোলাঘাট জিলা সমিতিৰ অষ্টম দ্বি-বার্ষিক অধিবেশন আজি বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীৰ বাকৰিত দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৷ বোকাখাত, গোলাঘাট, দেৰগাঁও, সৰুপথাৰ, বৰপথাৰ আৰু খুমটাই শাখা সহযোগত অনুষ্ঠিত হোৱা অসম চাহ জনজাতি ছাত্র সন্থা, গোলাঘাট জিলা সমিতিৰ এই অষ্টম দ্বি-বার্ষিক অধিবেশনৰ পুৱাতে পতাকা উত্তোলন কৰে ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলা গোটৰ সভাপতি ৰাবুল তুৰীয়ে । স্মৃতি তৰ্পণ কৰে জিলা সম্পাদক সুশীল কালিন্দীয়ে । এই অনুষ্ঠানতে অসম চাহ জনজাতি মহিলা সমিতিৰ সদস্য সকলে পৰিৱেশন কৰে আটছাৰ বন্দনা গীত । পৰৱৰ্তী সময়ত অধিৱেশন থলীৰ পৰা এক বনাৰ্ঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰা উদ্বোধন কৰে বোকাখাত সম জিলাৰ সহকাৰী আয়ুক্ত কুশল কলিতাই ৷
বিয়লিলৈ ‘সাহিত্য-বৌদ্ধিক চিন্তা আৰু সামাজিক মাধ্যমৰ ধনাত্মক ব্যৱহাৰিক গুৰুত্ব’ শীৰ্ষক এক আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷ মৰাণ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আত্মাৰাম কুমাৰে সঞ্চালনা কৰা এই আলোচনা চক্ৰ উদ্বোধন কৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্রধান সম্পাদক সঞ্জীৱ কৈৰীয়ে ৷ আলোচনাচক্ৰত সন্মানীয় অতিথি হিচাবে অংশগ্ৰহন কৰে আটছাৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইক ৷ আলোচক হিচাবে উপস্থিত থাকে জে.ডি.এছ.জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত গগৈ, মৰিয়নী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হৰেণ গোৱালা, লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, পংকজ কালিন্দী, ড০ অশোক বাড়ৈ, আৰু ধৰ্মেশ্বৰ বাঢ়ৈয়ে ৷ আলোচনাচক্ৰত আটছা আৰু আটুৱাৰ প্ৰতিনিধিৰ উপৰিও ছাত্র-ছাত্রীসকলে অংশগ্ৰহন কৰে ।
আলোচনাচক্ৰৰ পিচতেই আটছাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাবুল তুৰিৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ উদ্বোধনী ভাষণ প্ৰদান কৰে আটছাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দীয়ে ৷ মুকলি সভাতেই অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা সেউজ প্ৰভাকৰ নামৰ স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে কলিয়াবৰৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷ মুকলি সভাত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱলা, কেন্দ্ৰীয় সম্পাদক জগদীশ বৰাইক, আটুৱাৰ প্ৰতিষ্ঠাপক তথা কৃৰ্তি শিক্ষয়ত্ৰী মামনী গাজলু, অধিবক্তা যোগেশ ভুঞা, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, অধিবক্তা জগত কলিতা, বিশিষ্ট চিকিৎসক ডা৹ পঙ্কজ খেৰিয়া, প্ৰাক্তন কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰঞ্জন কালিন্দী, স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, সম্পাদক পংকজ কালিন্দী, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত গোটৰ উপদেষ্টা তথা অধিবক্তা কিশোৰ ছেত্ৰী, জাতীয় মহাসভাৰ সভাপতি শিৱচৰণ লোহাৰ আৰু আটছাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিত গড়ৰ প্ৰমুখ্যে আমন্ত্ৰিত ব্যক্তি সকল উপস্থিত থাকে ৷ আমন্তিত অতিথি সকলক উদযাপন সমিতিৰ তৰফৰ পৰা ফুলৰ তোৰা পৰম্পৰাগত গামোছা আৰু একোটাকৈ স্মাৰকে আদৰণি জনোৱা হয় ৷
ইফালেই বিভিন্ন শাখাৰ প্ৰতিনিধিৰ উপস্থিতিত বোকাখাত নাট্যমন্দিৰত বিষয় বাচনি সভাও অনুষ্ঠিত হয় ৷ নিশালৈ পদ্মশ্ৰী দুলাল মানকিৰ গীতেৰ অনুষ্ঠিত সাংস্কৃতিক সন্ধ্যাৰে অসম চাহ জনজাতি ছাত্র সন্থাৰ গোলাঘাট জিলা সমিতিৰ অষ্টম দ্বি-বার্ষিক অধিবেশনৰ সামৰণী পৰে ৷ সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰে বিশিষ্ট কন্ঠ শিল্পী নুনুসিং কৰ্মকাৰে ৷
উল্লেখ্য যে আটছাৰ গোলাঘাট জিলা সমিতিৰ এই অষ্টম দ্বি-বার্ষিক অধিবেশনৰ ২৬ আৰু ২৭ জুলাইত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ বোকাখাতৰ গড়মূৰত ইয়াৰ বাবে নিৰ্মাণ কৰা হৈছিল অস্থায়ী মঞ্চ আৰু সভাগৃহ ৷ দুদিনৰ পূৰ্বে হোৱা প্ৰৱল ধুমুহাই মঞ্চ আৰু সভাতলী ভাঙি পেলোৱাত অধিবেশনৰ স্থান পৰিবৰ্তন কৰাৰ লগতে ২৬ জুলাইৰ কাৰ্যসূচী বাতিল কৰি আজি বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীত দিনজোৰা কাৰ্যসুচীৰে অধিবেশন অনুষ্ঠিত হয় । অধিৱেশন স্থলীত স্থানীয় শিল্পী মুনিন্দ্ৰ বৰদলৈয়ে নিৰ্মাণ কৰি উলিওৱা কাজিৰঙাৰ বানপানীৰ ক্ষুদ্ৰ সংস্কৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
*********