কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত আয়োজিত বন্যপ্ৰাণী সপ্তাহৰ সামৰণি: কাৰ্বি আংলং জিলাৰ ডলামৰাত সামৰণি অনুষ্ঠান : গীতে মাতে মুখৰিত পৰিৱেশত ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ প্ৰদান :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত আয়োজিত বন্যপ্ৰাণী সপ্তাহৰ  সামৰণি:  কাৰ্বি আংলং জিলাৰ ডলামৰাত সামৰণি অনুষ্ঠান : গীতে মাতে মুখৰিত পৰিৱেশত ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ প্ৰদান :
Aiidesh Photo

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত আয়োজিত বন্যপ্ৰাণী সপ্তাহৰ  সামৰণি :  কাৰ্বি আংলং জিলাৰ ডলামৰাত সামৰণি অনুষ্ঠান : গীতে মাতে মুখৰিত পৰিৱেশত ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ প্ৰদান : 

Aiidesh News : 7th October :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ ডলামৰাৰ বনাঞ্চলৰ সহযোগত ২ অক্টোবৰৰ পৰা আয়োজিত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ আজি সামৰণি পৰে ৷ এই উপলক্ষে আজি পুৱাৰে পৰা ডলামৰা কাৰ্বি কালচাৰেল চ'চাইটিৰ সভাগৃহত এই ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত বন্যপ্ৰাণী সপ্তাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলো বনাঞ্চলৰ লগতে পুৱ কাৰ্বি আংলং বনসংমণ্ডলৰ ডলামৰা বনাঞ্চলত ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ  প্ৰদান কৰা হয় ৷

ডলামৰাৰ কাচে তেৰাংপীৰ নেতৃত্বত পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান উদ্বোধন কৰে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৷ আদৰণী ভাষণ প্ৰদান কৰে ডলামৰা বনাঞ্চলৰ সহকাৰী বন সংৰক্ষক প্ৰহ্লাদ ক্ৰ'য়ে ৷ 

বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক তথা পৰিৱেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কাজিৰঙা অৱসৰ প্ৰাপ্ত উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা, সহকাৰী বন সংৰক্ষক চিৰঞ্জীৱ জৈন,ডলামৰা নগৰ সমিতিৰ সভাপতি মংগল সিং তেৰাং, জৈৱ বৈচিত্ৰ সংৰক্ষণ সমিতিৰ সভাপতি দেবিনচন তেৰাং, কাজিৰঙাৰ উপ আৰক্ষী অক্ষীক্ষক প্ৰদীপ দাস,  কাৰ্বি কালচাৰেল চ'চাইটিৰ সভাপতি সোনাৰাম   চিংগনাৰ, সম্পাদক ৰবীনচন ৰংফাৰ, জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা স্বপন নাথ,দ্বাৰ বাগৰি মৌজাৰ মৌজাদাৰ হৰি   তেৰাং,ডলামৰাৰ জেষ্ঠ নাগৰিক জেমচ তেৰাং,ৰংমাৰজন গাওঁৰ গাওঁবুঢ়া মাৰ্টিনচন টিমুং, ডলামৰাৰ চেন্ট যোচেফ হাইস্কুলৰ অধ্যক্ষ ভগ্নী লীলা, ডিফুৰ অসম বিশ্ব বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক চেমচন ইংতি, আৰু ডলামৰা নগৰ সমিতি ৱাৰ্ড সদস্য কাজক ইংতিপী উপস্থিত থাকে ৷

কাৰ্বি পাহাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমন্বয়েহে কাজিৰঙাক জীয়াই ৰাখিব বুলি অনুষ্ঠানত মন্তব্য কৰে ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৷ অনুষ্ঠানত ডলামৰাৰ জমিদাৰ গাওঁ আৰু হ'ফং গাওঁৰ কাৰ্বি কলা কৃষ্টি সংৰক্ষণ সমিতিৰ শিল্পী দলে কাৰ্বি নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও, কঁহৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ দেৱাশীষ দত্ত ভুপেন্দ্ৰ সংগীত আৰু অজংয টকবীয়ে কাৰ্বি গীত পৰিৱেশন কৰে ৷ আজিৰ অনুষ্ঠানতে অগৰাতলি, বোকাখাত, কঁহৰা, বাগৰি, বুঢ়াপাহাৰ আৰু ডলামৰাত আয়োজিত চিত্ৰাংকন, ৰচনা, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক পদক মানপত্ৰ আৰু উপহাৰেৰে পুৰস্কৃত কৰা হয় ৷ সভাৰ শেষত শলাগৰ শৰাই প্ৰদান কৰে বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক প্ৰনৱ জ্যোতি বৰাই ৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আয়োজন কৰা ৬৮ সংখ্যক এই বন্যপ্ৰাণী সপ্তাহত ডলামাৰা বনাঞ্চলৰ বিষয়া কৰ্মচাৰীৰ উপৰিও প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি,  ভুমি, কৰবেট ফাউণ্ডেচন আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই সহযোগিতা আগবঢ়ায় ৷

*******