কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ অৱসৰ : বোকাখাতত বিদায় সম্বৰ্ধনা আৰু ৰমেশ কুমাৰ গগৈৰ কাব্য গ্ৰন্থ 'কাজিৰঙাৰ সুবাস' উন্মোচন :

কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ অৱসৰ : বোকাখাতত বিদায় সম্বৰ্ধনা আৰু ৰমেশ কুমাৰ গগৈৰ কাব্য গ্ৰন্থ 'কাজিৰঙাৰ সুবাস' উন্মোচন  :

Aiidesh News: 30 June 2023 :

নিজৰ দক্ষতা আৰু পৰিচালনাৰে কাজিৰঙাৰ গঁড় হত্যা শূন্য কৰাত অৱদান আগবঢ়োৱা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৩০ জুনৰ দিনা অৱসৰ গ্ৰহন কৰে ৷ দক্ষ বন বিষয়া হোৱাৰ উপৰিও ৰমেশ কুমাৰ গগৈ আছিল এজন স্বভাৱ কবি ৷ ৩০ জুনৰ দিনা বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব আৰু বোকাখাতৰ ইলেক্ট্ৰনিক মেডিয়া জাৰ্নেলিষ্ট এচ'চিয়েছন চমুকৈ ইমজা বোকাখাতৰ উদ্যোগত ৩০ জুনৰ বিয়লি আয়োজিত এক  বিশেষ অনুষ্ঠানত ৰমেশ কুমাৰ গগৈৰ এখন কাব্য গ্ৰন্থ 'কাজিৰঙাৰ বিলাস' উন্মোচন কৰা হয় ৷ এই অনুষ্ঠানতে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' হিচাবে অৱসৰ গ্ৰহন কৰা ৰমেশ কুমাৰ গগৈক বিদায় সম্বৰ্ধনাও জনোৱা হয় ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখন বাগৰি বনাঞ্চলৰ বনকৰ্মী মাধুৰ্য্য শইকীয়াৰ এটা কবিতা পাঠেৰে শুভাৰম্ভ কৰা হয় ৷

বোকাখাত নাট্যমন্দিৰ প্ৰাংগনত আয়োজন কৰা এই অনুষ্ঠানতে ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ কাব্য গ্ৰন্থ 'কাজিৰঙাৰ সুৱাস' উন্মোচন কৰে বোকাখাতৰ জেষ্ঠ সাংবাদিক তথা অল আচাম প্ৰেছ ক'ৰেচপণ্ডেন্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াই ৷ গ্ৰন্থ উন্মোচন কৰি ভৱেশ শইকীয়াই ৰমেশ কুমাৰ গগৈৰ কাব্য প্ৰতিভাৰ শলাগ লৈ নিজৰ এটা স্বৰচিত কবিতাও ৰমেশ কুমাৰ গগৈ নামত উচৰ্গা কৰে ৷ 

বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত পুৱ অসম বন্য প্ৰাণী সংমণ্ডলৰ পৰা অৱসৰ গ্ৰহন কৰা ৰমেশ কুমাৰ গগৈক বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব, ইলেক্ট্ৰনিক মেডিয়া জাৰ্নেলিষ্ট এচ'চিয়েছন, অগৰাতলি জীপ চাফাৰী সন্থা, গোৰ্খা ছাত্ৰ সন্থা, কেন্দ্ৰীয় বসন্ত উৎসৱ সমিতি, কাজিৰঙা নিউজ নেটৱৰ্কৰ উপৰিও বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে ফুলাম গামোছা, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা জ্ঞাপন কৰি মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, ইমজাৰ সম্পাদক দিব্যজ্যোতি হাজৰিকা, অগৰাতলি জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়াই ৰমেশ কুমাৰ গগৈৰ কৰ্ম দক্ষতা, জনসম্পৰ্ক, ব্যক্তিত্বৰ উপৰিও তেখেতৰ সময়তে কাজিৰঙাৰ গঁড় হত্যা ২০১৯ চনৰ ৩ টা গঁড় হত্যাৰ পৰা শূণ্যলৈ হ্ৰাস হোৱা কাৰ্যক কৃতজ্ঞতাৰে স্মৰণ কৰে ৷ এই কাৰ্যৰ বাবেই কাজিৰঙা সদায়ে ৰমেশ গগৈক স্মৰণ কৰিব বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত কৰবেট ফাউণ্ডেচনৰ সমন্বয়ক দিব্যজ্যোতি শইকীয়া, নগাওঁ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কুলেন দাস, নগাওঁৰ পৰিবেশ কৰ্মী ডিলৱাৰ হোছেইন,  বিশিষ্ট লেখক বুবুল শৰ্মা, মৃদুস্মিতা শৰ্মা, ভাস্কৰ কালিন্দী আদিও উপস্থিত থাকে ৷

সম্বৰ্ধনা গ্ৰহন কৰি বন বিষয়া ৰমেশ কুমাৰ গগৈয়ে তেওঁৰ প্ৰতি দেখুৱা শ্ৰদ্ধা আৰু মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ কাব্য গ্ৰন্থ উন্মোচন আৰু বিদায় সম্বৰ্ধনাৰ এই আমন্ত্ৰিত অতিথি হিচাবে অংশ গ্ৰহন কৰি অসম গৌৰৱ অৱসৰ প্ৰাপ্ত বন বিষয়া ধৰণীধৰ বড়োয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অতিবাহিত কৰা তেওঁৰ বিচিত্ৰ অভিজ্ঞতাৰ বৰ্ণনা কৰি ৰমেশ কুমাৰ গগৈক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ উল্লেখ্য যে ৩০ জুনৰ দিনাই ৰমেশ কুমাৰ গগৈয়ে ডি এফ অ' হিচাবে আনুষ্ঠানিক ভাৱে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ দায়ীত্ব ভাৰ ভাৰতীয় বন সেৱা বিষয়া অৰুণ বিঘ্নেশৰ হাতত অৰ্পণ কৰে ৷

*************