উজনি অসমৰ বান পৰিস্থিতিৰ পটভুমিত 'এইদেশ' ৰ প্ৰতিবেদন :

উজনি অসমৰ বান পৰিস্থিতিৰ পটভুমিত 'এইদেশ' ৰ  প্ৰতিবেদন  :
Aiidesh Photo
উজনি অসমৰ বান পৰিস্থিতিৰ পটভুমিত 'এইদেশ' ৰ  প্ৰতিবেদন  :
উজনি অসমৰ বান পৰিস্থিতিৰ পটভুমিত 'এইদেশ' ৰ  প্ৰতিবেদন  :
উজনি অসমৰ বান পৰিস্থিতিৰ পটভুমিত 'এইদেশ' ৰ  প্ৰতিবেদন  :

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে উজনি অসমত ২৩ জুনলৈ বানপানীৰ শংকা নাই  :

Aiidesh News  : 20 June 2023 : 

কেন্দ্ৰীয় জল আয়োগৰ বিভিন্ন লেভেল ষ্টেচনৰ পৰা সংগৃহীত তথ্যৰ আধাৰত উজনিৰ বান পৰিস্থিতিৰ সম্পৰ্কত এইদেশৰ এক বিশেষ প্ৰতিবেদন ৷

ধনশিৰিমুখ -

বোকাখাতৰ ধনশিৰিমুখত নিম্নগামী হৈ আছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ৷ কেন্দ্ৰীয় জল আয়োগৰ পৰা পোৱা তথ্য মংগলবাৰৰ পুৱা জলপৃষ্ঠ সংকেত সীমাৰ ০.৬৯ মিটাৰ আৰু বিপদসীমাৰ ০.৩১ মিটাৰ তলত আছে আৰু পানী কমি আছে ৷ যোৱা নিশাটোৰ ভিতৰত ধনশিৰিমুখত ০.০৬ মিটাৰ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ২২ জুনলৈকে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা নাই ৷

নিমাতীঘাট -

নিমাতীঘাটত যোৱা নিশাটোৰ ভিতৰত ০.২৩ মিটাৰ নিম্নগামী হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ মংগলবাৰৰ পুৱা নিমাতীঘাটৰ জলপৃষ্ঠ সংকেট সীমা ০.৪৩ মিটাৰ ওপৰত আৰু বিপদ সীমাৰ ০.৫৭ মিটাৰ ওপৰত আছে ৷ পুৰ্বানুমান মতে ২২ জুনৰ পৰা নিমাতীঘাটৰ জলপৃষ্ঠ ঈৰ্ষৎ বৃদ্ধি পাব আৰু ২৪ জুনৰ বিয়লিলৈ পুনৰ হ্ৰাস পোৱাৰ সম্ভাৱনা ৷

ডিব্ৰুগড়  -

ডিব্ৰুগড়টো নিম্নগামী ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ মংগলবাৰৰ পুৱা ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ সংকেত সীমাৰ ০.০৭ মিটাৰ ওপৰত আৰু বিপদ সীমাৰ ০.৯৩ মিটাৰ তলত আছে ৷ যোৱা নিশাটো ডিব্ৰগড়ত জলপৃষ্ঠ ০.০৫ মিটাৰ হ্ৰাস পাইছে ৷ পুৰ্বানুমান মতে ডিব্ৰুগড়ত ২২ জুনত জলপৃষ্ঠ ঈৰ্ষৎ বৃদ্ধি পাই ২৩ জুনৰ পৰা পুনৰ নিম্নগামী হোৱাৰ সম্ভাৱনা ৷

পাচিঘাট -

পাচিঘাটত যোৱা নিশা ০.০৭ মিটাৰ বৃদ্ধি পাইছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ পুৰ্বানুমান মতে ২২ জুনৰ পৰা পাচিঘাট, ইংকিয়ং আৰু পাচিঘাটত ক্ৰমে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে চিয়াং নদীৰ জলপৃষ্ঠ ৷

বৃষ্টিপাত -

১৯ জুনৰ নিশা বোকাখাতৰ ধনশিৰিমুখত ১৪.২৫ মিলিমিটাৰ,  নিমাতীঘাটত ১৭.৮ মিলিমিটাৰ, ডিব্ৰুগড়ত ০ মিলিমিটাৰ, অৰুনাচলৰ পাচিঘাটত ৭.২ মিলিমিটাৰ, ইংকিয়ংত ৮ মিলিমিটাৰ আৰু টুটিংত ৪০.৬ মিলিমিটাৰ বৃষ্টিপাত হোৱাৰ তথ্য পোৱা গৈছে ৷

********