গ্ৰাছ নামৰ সংগঠনৰ উদ্যোগত স্থানীয় ২২ টা নাৰী সংগঠনৰ সহযোগত বোকাখাতত নাৰী দিৱস উদযাপন :

গ্ৰাছ নামৰ সংগঠনৰ উদ্যোগত স্থানীয় ২২ টা নাৰী সংগঠনৰ সহযোগত বোকাখাতত নাৰী দিৱস উদযাপন  :
Aiidesh Photo

Aiidesh Award : 8 March 2024 : 

বোকাখাতৰ গ্ৰাছ নামৰ সংগঠনটোৰ উদ্যোগত,বোকাখাত উপ জিলাৰ ২২ টা নাৰী সংগঠনৰ সহযোগত আজি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । দিনজোৰা কাৰ্যসুচীৰ এই অনুষ্ঠানৰ আৰম্ভনীতেই গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰে সংগঠনৰ পতাকা আৰু সহযোগী আন সংগঠনৰ একুৰি দুখন পতাকা উত্তোলন কৰে মহিলা সংগঠনৰ সভানেত্ৰী সকলে । স্মৃতি তৰ্পণ কৰে জ্যেষ্ঠ নাগৰিক আনিচুৰ ৰহমানে । অনুষ্ঠানত প্ৰয়াত নুমলী হাজৰিকাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট মহিলা শিক্ষাবিদ চন্দ্ৰপ্ৰভা শইকীয়াই । পৰৱৰ্তী সময়ত নাৰী দিৱস উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । 

পূৰ্বৰংগ সঙ্গীত বিদ্যালয়ৰ শিল্পী সকলে ৰিজু হাজৰিকাৰ নেতৃত্বত পৰিবেশন কৰা বৰগীতেৰে  মুকলি সভা আৰম্ভ কৰা হয় ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে অনুষ্ঠান উদ্বোধন কৰে । মহিলা সকলৰ সমবেত সংগীতৰ পাছতেই "নাৰী সৱলীকৰণ" শীৰ্ষক   বক্তৃতা প্ৰদান কৰে বিশিষ্ট লেখিকা, স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় যোৰহাটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনীতা দত্তই । "নাৰী সুৰক্ষা আৰু আইন" শীৰ্ষক বক্তৃতা প্ৰদান কৰে অধিবক্তা ৰাজীৱ উজীৰে । অনুষ্ঠানত  বিশিষ্ট লেখিকা গিৰিমল্লিকা শইকীয়াক নুমলী হাজৰিকা স্মাৰক "গ্ৰাছ অ'মেন এৱাৰ্ড"প্ৰদান কৰা হয় । নাৰী দিৱসৰ এই বিশেষ অনুষ্ঠানতে বোকাখাতৰ বিশিষ্ট সাহিত্যিক, মহিলা সবলীকৰণৰ হকে কৰ্মৰত নিজৰা বৰঠাকুৰৰ গ্ৰন্থ "প্ৰজ্ঞাৰ পথাৰত" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই । কবি নাট্যকাৰ অমৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানত বোকাখাত উপ জিলাৰ মহিলা সংগঠন সমূহক একত্ৰিত কৰি এটি মহিলা যৌথ সংগঠন গঠন কৰাৰো সিদ্ধান্ত লোৱা হয় ।

**********