গোলাঘাটত চোৰাং কাঠ ভৰ্ত্তি বলে'ৰ পিকআপ জব্দ

গোলাঘাটত চোৰাং কাঠ ভৰ্ত্তি বলে'ৰ পিকআপ জব্দ

গোলাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় অন্তৰ্গত গোলাঘাট এৰেঙ্গাপাৰ সমীপত কাঠ ভৰ্ত্তি গাড়ীখন জব্দ কৰে আঞ্চলিক বন বিষয়াই । চোৰাং কাঠ সমূহ কাৰ্বি আংলং জিলাৰ পৰা গোলাঘাট আনি থকা অৱস্থাত বন বিভাগে গোপন সূত্ৰে জব্দ কৰিবলৈ সক্ষম হয় । নঠি পত্ৰ বিহীন AS 01L C3454 নম্ববৰৰ বলে'ৰ পিকআপ খনৰ পৰা খকন আৰু চাম কাঠৰ 24 টুকুৰা প্ৰায় 40-50 Cft কাঠ জব্দ কৰে । উল্লেখযোগ্য যে কাষৰীয়া  কাৰ্বিআংলং জিলাৰ সীমান্ত বগীজানৰ পৰা গোলাঘাট সংযোগী পথেৰে এতিয়া দৈনিক পাৰ হয় চোৰাং কাঠ ভৰ্তি বাহন ।বগীজান থানা আৰু মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ সন্মুখেদি দিন দুপৰতে পাৰ হয় চোৰাং কাঠ ভৰ্ত্তি বাহন সমূহ । একেটা অঞ্চলতে কেইদিনমান পূ্ৰ্বে চোৰাং কাঠ ব্যৱসায়ীয়ে বনকৰ্মীক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে