আৰণ্যকৰ উদ্যোগত গোলাঘাট জিলাৰ ফলঙনিত বিশ্ব হস্তী দিৱস ২০২০ উদযাপন :

আৰণ্যকৰ উদ্যোগত গোলাঘাট জিলাৰ ফলঙনিত বিশ্ব হস্তী দিৱস ২০২০ উদযাপন :
Photo : Uttam Saikia
আৰণ্যকৰ উদ্যোগত গোলাঘাট জিলাৰ ফলঙনিত বিশ্ব হস্তী দিৱস ২০২০ উদযাপন :

আৰণ্যকৰ উদ্যোগত গোলাঘাট জিলাৰ ফলঙনিত বিশ্ব হস্তী দিৱস ২০২০ উদযাপন : 


AIIDESH NEWS. 13 August :


ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক ৰ উদোগত  নৱ আৰ্ট , গোলাঘাট বন সংমণ্ডল আৰু মৰঙী প্ৰেছ ক্লাবৰ সহযোগত বুধবাৰৰ দিনা গোলাঘাট জিলাৰ ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব হস্তী দিৱস ২০২০  উদযাপন কৰা হয়  ৷ পুৱা  সমুহীয়া চেনিটাইজেচন আৰু বৃক্ষ ৰোপনেৰে বিশ্ব হস্তী দিৱসৰ কাৰ্যসুচী আৰম্ভ হয় ৷ বৃক্ষৰোপন কৰে  গোলাঘাট বন সংমণ্ডলৰ বনাঞ্চলিক বিষয়া পুস্পধৰ বুঢ়াগোহাঁয়ে ৷ পৰৱৰ্তী সময়ত  দেৱালত চিএ অংকনৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দয়া নাথ ভট্টাচাৰ্যই ৷ আৰণ্যকৰ হৈ নিৰঞ্জন ভূঞা ই আঁতধৰা এই আনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ মনোজ মুণ্ডাকে ধৰি ২০ জন ব্যক্তি ৷ বিশ্ব হস্তী দিৱস উপলক্ষে আৰণ্যকৰ দ্বাৰা গোলাঘাট জিলা ভিত্তিত আয়োজিত অন লাইন  চিএাংকন প্ৰতিযোগিতাত  মুঠ ২১৩ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহন কৰিছিল ৷ অন লাইন চিত্ৰাংকন প্ৰতিযোগিতাত বৰুৱা গাওঁৰ মৃন্ময়ী বৰাই প্ৰথম , মহুৰামুখৰ সুদৰ্শনজ্যোতি দত্ত দ্বিতীয় , জেৰপাই গাওঁ পল্লৱী বৰুৱা আৰু বকিয়াল গাওঁ ৰিমি গগৈয়ে যুটীয়া ভাৱে তৃতীয় স্থান লাভ কৰে ৷