বোকাখাতত কুকুৰ পোৱালীৰ দত্তক শিৱিৰ : গৰাকী বিহীন ২৭ টা কুকুৰে পালে সঁহাৰি ::

বোকাখাতত কুকুৰ পোৱালীৰ দত্তক শিৱিৰ : গৰাকী বিহীন ২৭ টা কুকুৰে পালে সঁহাৰি ::
Aiidesh photo
বোকাখাতত কুকুৰ পোৱালীৰ দত্তক শিৱিৰ : গৰাকী বিহীন ২৭ টা কুকুৰে পালে সঁহাৰি ::
বোকাখাতত কুকুৰ পোৱালীৰ দত্তক শিৱিৰ : গৰাকী বিহীন ২৭ টা কুকুৰে পালে সঁহাৰি ::

Aiidesh News : 24 January - 2026 :

আগন্তুক ৭৭ তম গণৰাজ্য দিৱস, পশু কল্যাণ মাহৰ প্ৰতি লক্ষ্য ৰাখি আৰু পশু কল্যাণ আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰণ বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ উদ্যোগত আজি বোকাখাতত এটা কুকুৰ পোৱালীৰ দত্তক শিৱিৰ  অনুষ্ঠিত হয় । শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা , গোলীঘাটৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, অতিৰিক্ত জিলা আয়ুক্ত, বোকাখাত সমজিলা আয়ুক্ত শিৱনী জাৰ্ণগেল, বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া ড০ অজিত কাকতি , অসামৰিক চিকিৎসালয়ৰ উপৱঅধীক্ষক ড০ হেমন্ত বৰা, গোলাঘাট এৰাঙাৰাপাৰাৰ  থকা কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰৰ বিষয়া ড০ সুনীল কুমাৰ হালৈ  আৰু অন্যান্য লোকৰ লগতে কুকুৰৰ পোৱালী তুলি ল’বৰ বাবে অহা ব্যক্তি সকল উপস্থিতি থাকে । 

নুমলীগড় শোধনাগাৰৰ বিশেষ সহযোগিতাৰে আয়োজিত এই শিৱিৰত মুঠ ২৭ টা কুকুৰ পোৱালীক আজি বিভিন্ন গৰাকী ব্যক্তিয়ে আজি আন্তৰিকতাৰে গ্ৰহন কৰে । ব্যক্তিৰ হাতত তুলি দিয়াৰ আগতে এই কুকুৰ পোৱালী বোৰক জলাতংক প্ৰতিৰোধী প্ৰতিষেধক আৰু ডি এইচ পি পি আই প্ৰতিষেধক প্ৰদান কৰা হয় । লতে কুকুৰৰ পোৱালী তুলি লওঁতা সকলক এখন ঔষধ হেম্পাৰ আৰু দত্তক গ্ৰহণৰ একোখনকৈ প্ৰমাণপত্ৰ ও প্ৰদান কৰা হয় ।

শিৱিৰতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কুকুৰৰ আক্ৰমনৰ সুৰক্ষা লোৱাৰ নিৰ্দেশনা পত্ৰিকা বিতৰণ কৰা হয় লগতে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়লৈ এই সম্পৰ্কীয় প্ৰচাৰ পত্ৰিকাএ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে ২৫ জানুৱাৰীত বোকাখাত সম জিলাৰ কমাৰগাঁৱৰ ৰাজ্যিক পশু চিকিৎসা কেন্দ্ৰত আৰু ২৬ জানুৱাৰীত বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসা কেন্দ্ৰত দুটা বিনামূলীয়া জলাতং ৰোগ প্ৰতিৰোধী টিকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে বোকাখাতৰ পশু চিকিৎসক ডা০ ৰাজশ্ৰী ভুঞাই । বোকাখাতৰ পশু চিকিৎসা ক্ষেত্ৰ সহায়ক আৰু পশু চিকিৎসা ক্ষেত্ৰ সহায়ক বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী সকলৰ সক্ৰিয় সহযোগিতাত বোকাখাতৰ খণ্ড পশু চিকিৎসা বিষয়া ডা০ ৰাজশ্ৰী ভূঞা আৰু কমাৰগাঁৱৰ পশু চিকিৎসা বিষয়া ডা০ ৰিচা বৰকটকীয়ে উদ্যোগতেই আজিৰ এই শিৱিৰ বোকাখাতত অনুষ্ঠিত হয়  ।

**********