২ লাখ ১১ হাজাৰ কৃষকৰ বেংক পাচবুকত ধন

২ লাখ ১১ হাজাৰ কৃষকৰ বেংক পাচবুকত ধন

লকডাউনৰ ফলত ক্ষতিগ্রস্ত হোৱা ৰাজ্যৰ কৃষকক আর্থিক সাহায্য দিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্য চৰকাৰে ৬ লাখ কৃষকক আর্থিক সাহায্য হিচাপে আঢ়ৈ হাজাৰ টকাকৈ আগবঢ়াব বুলি ঘোষণা কৰিছিল আৰু ইতিমধ্যে বিত্ত বিভাগে সেই ধন মোকলাই দিয়াই নহয়, ২ লাখ ১১ হাজাৰ কৃষকৰ বেংক একাউণ্টত আঢ়ৈ হাজাৰ টকাকৈ জমা দিয়াৰ কথা আজি এখন সংবাদমেলত সদৰী কৰে কৃষি মন্ত্রী অতুল বৰাই৷

দিছপুৰৰ চৰকাৰী আৱাসত এখন সংবাদমেল সম্বোধন কৰি কৃষি মন্ত্রী বৰাই কয় যে ৬ লাখ কৃষকৰ ভিতৰত ইতিমধ্যে ২.১১ লাখ কৃষকৰ একাউণ্টত ধন ইতিমধ্যে সোমাইছে আৰু দুই-এদিনৰ ভিতৰত পুনৰ ২ বা ২.৫০ লাখ কৃষকৰ একাউণ্টত ধন সোমাব৷ ৬ লাখৰ ভিতৰত বাকী থকা কৃষকসকলৰ একাউণ্টতো কম দিনৰ ভিতৰতেই ধন সোমাব বুলি মন্ত্রী বৰাই সদৰী কৰে৷

ইফালে লকডাউনৰ ফলত ক্ষতিগ্রস্ত কৃষকসকলক অন্য কেতবোৰ খেতিত সকাহ দিয়াৰ বাবে ইতিমধ্যে আৰ কে ভি ৱাই আঁচনিৰ জৰিয়তে ৪.৭০ কোটি টকা মুকলি কৰি দিয়াৰ কথাও সদৰী কৰে৷ এই পুঁজিৰে বিভিন্ন খেতিৰ বীজ যোগান ধৰা হ’ব বুলিও সদৰী কৰে৷ বৰাই কয় যে লকডাউনৰ ফলত কৃষকসকল সর্বাধিক লোকচানৰ সন্মুখীন হৈছে৷ সেয়ে অনাগত সময়ত যাতে কেৱল আৰ কে ভি ৱাই আঁচনিয়েই নহয়, কেন্দ্রীয় চৰকাৰৰ অন্য আঁচনিৰ জৰিয়তেও কৃষকসকলক সকাহ দিয়াৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰে৷

ইতিমধ্যে কৃষকৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে কৃষকে উৎপাদিত সামগ্রী বিক্রীৰ যাৱতীয় ব্যৱস্থা কৰি দিয়াৰ বাবে ৰাজ্যিক আৰু জিলা পর্যায়ত কমিটী গঠন কৰি দিয়াৰ কথা সদৰী কৰি কয় যে জিলা উন্নয়ন আয়ুক্তক অধ্যক্ষ, জিলা কৃষি বিষয়াক সদস্য সচিব আৰু বিভিন্ন বিভাগৰ বিষয়াক সদস্য হিচাপে লৈ জিলা পর্যায়ৰ কমিটী গঠন কৰি দিয়াৰ উপৰি কৃষি বিভাগৰ আয়ুক্ত সচিবক অধ্যক্ষ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিবক সদস্য সচিবৰ লগতে কেইবাজনো বিষয়াক সদস্য হিচাপে লৈ ৰাজ্যিক পর্যায়ৰ কমিটী গঠন কৰিছে৷ ইয়াৰে জিলা পর্যায়ৰ কমিটীয়ে জিলাখনৰ অনুমোদিত বিক্রীদাৰ বা যোগানকাৰীৰ জৰিয়তে কৃষকৰ পথাৰত বিক্রীৰ বাবে সাজু হৈ থকা উৎপাদিত শস্য ক্রয় কৰি সংশ্লিষ্ট জিলাৰ নির্দিষ্ট স্থানত বিক্রী কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব৷

এইক্ষেত্রত কমিটীয়ে ক’ভিড-১৯ৰ সৈতে জড়িত সকলো নীতি-নির্দেশনা কঠোৰভাৱে পালন কৰাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিব৷ অনুৰূপভাৱে ৰাজ্যিক পর্যায়ৰ কমিটীক যাৱতীয় পদক্ষেপ ল’বলৈ নির্দেশ দিয়াৰ কথা সদৰী কৰে৷ চৰকাৰে এইক্ষেত্রত গুৰুত্বসহকাৰে যাৱতীয় পদক্ষেপ গ্রহণ কৰাৰ পাছতো কৃষকে উৎপাদন কৰা পাচলিৰ জৰিয়তে কৰ’না ভাইৰাছ বিয়পি যোৱা বুলি কিছু অসৎ চৰিত্রৰ লোকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অপপ্রচাৰ চলাই কৃষকসকলক ক্ষতিগ্রস্ত কৰা বুলি অভিযোগ কৰে৷

বৰাই কয় যে এনেধৰণৰ অপপ্রচাৰৰ ফলত কোনো কোনো জিলাত উৎপাদিত পাচলি ল’বলৈ অস্বীকাৰ কৰিছে৷ কেইবাখনো জিলাৰ উপায়ুক্তই এই কথা ব্যক্ত কৰা বুলি সংবাদমেলত সদৰী কৰি বৰাই কয় যে ডিব্রুগড়, ধেমাজি, নগাঁও, যোৰহাট জিলাত ইতিমধ্যে এনে পৰিস্থিতি সৃষ্টি হৈছে৷ উদাহৰণ স্বৰূপে গোলাঘাটৰ মেৰাপানীত কেইবাজনো লোক ক’ভিড-১৯ত সংক্রমিত হোৱাৰ পাছত গোলাঘাটৰ পৰা বিক্রীৰ বাবে নিয়া পাচলি যোৰহাটত বিক্রী কৰাত সমস্যাৰ সৃষ্টি হোৱাৰ কথা সংবাদমেলত সদৰী কৰে৷

অপপ্রচাৰৰ বাবে এনে সমস্যাৰ উদ্ভৱ হোৱাৰ পৰিপ্রেক্ষিতত এতিয়া কৃষি বিভাগে ঘৰে ঘৰে পাচলি বিক্রীৰ ব্যৱস্থা কৰাৰ লগতে গুৱাহাটীত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদেও ৱার্ডে ৱার্ডে পাচলি বিক্রীৰ ব্যৱস্থা কৰা বুলি কয়৷ পাচলি ঘৰে ঘৰে যোগান ধৰাৰ ব্যৱস্থা গ্রহণ কৰাৰ উপৰি চাউল মিলিং কৰাৰ পদক্ষেপ আৰম্ভ কৰা বুলিও উল্লেখ কৰে৷ লকডাউনৰ বাবে ৰাজ্যৰ ১৬ খন জিলাত পাচলি আৰু ফলমূল ৩৫৭১ মেট্রিকটন লোকচান হোৱাৰ তথ্য দাঙি ধৰে৷ মুঠ ০.০৬ শতাংশ সামগ্রী লোকচান হোৱা বুলি কয়৷

সর্বাধিক লোকচান হোৱা সামগ্রীৰ ভিতৰত আছে বিলাহী, বন্ধাকবি, ফুলকবি, জলকীয়া, কল আৰু ষ্ট্রবেৰী৷ আৰু যাতে উৎপাদিত সামগ্রী নষ্ট নহয় তাৰ বাবে ১৭খন জিলাত ৭১৩জন বিক্রেতাক জিলা প্রশাসনৰ তৰফৰ পৰা পাচলি আৰু ফলমূল বিক্রীৰ অনুমতি পত্র দিয়াৰ কথা উল্লেখ কৰে৷ শীতল ভঁৰালৰ অভাৱৰ বাবে পাচলি নষ্ট হৈ গৈছে নেকি বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মন্ত্রী বৰাই কয় যে ৰাজ্যখনত চৰকাৰীভাৱে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধীনত ৭টা শীতল ভঁৰাল আছে যদিও ইয়াৰে দুটা কার্যক্ষম হৈ আছে৷

৫ টা শীতল ভঁৰালেই কার্যক্ষম হোৱা নাই৷ অৱশ্যে ব্যক্তিগত খণ্ডত ৰাজ্যখনত ১৯টা শীতল ভঁৰাল থকাৰ কথা উল্লেখ কৰে৷ মন্ত্রী বৰাই লগতে জনায় যে আৰ কে ভি ৱাই আঁচনিৰ জৰিয়তে কৃষকক সকাহ দিবলৈ মুকলি কৰি দিয়া ৪.৭০ কোটি টকাৰে ৭৫০০০ সংখ্যক কৃষকক বিভিন্ন কৃষি সামগ্রীৰ শস্য যোগান ধৰা হ’ব৷ সেইদৰে পথাৰত কৃষি শস্যৰ ওপৰত পোক নিয়ন্ত্রণৰ বাবেও বিভাগৰ তৰফৰ পৰা যাৱতীয় পদক্ষেপ লোৱা হ’ব বুলিও সংবাদমেলত সদৰী কৰে৷

ইফালে কৃষকক বিভিন্ন দিহা-পৰামর্শ দিয়াৰ বাবে এটা কোষ মুকলি কৰা হ’ব বুলিও সংবাদমেলত সদৰী কৰে৷ ৰাজ্যত উৎপাদিত গাখীৰ বিক্রীৰ ক্ষেত্রত গো-পালকসকল সমস্যাৰ সন্মুখীন হৈ অহাৰ সন্দর্ভত পশুপালন বিভাগৰো দায়িত্বত থকা মন্ত্রী বৰাই কয় যে সীতাজখলা দুগ্ধ উন্নয়ন সমিতিৰ লগতে আমূল, পূৰবী আদি কেইবাখনো দুগ্ধ উন্নয়ন সমিতিৰ লগত ইতিমধ্যে আলোচনাত মিলিত হৈ গাখীৰ সংগ্রহ কৰাত সমস্যা দূৰ কৰাৰ কথা সদৰী কৰে৷

শেহতীয়াকৈ ২১৩০ লিটাৰ গাখীৰ সংগ্রহ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে৷ গাখীৰৰ লগতে কণী যোগানৰ ক্ষেত্রতো সমস্যা দূৰ হোৱাৰ উপৰি মাংসৰ যোগান আৰম্ভ কৰাৰ বিষয়টো কাইলৈ অনুষ্ঠিত হ’ব লগা মন্ত্রী পৰিষদৰ বৈঠকত আলোচনা কৰা হ’ব বুলি সদৰী কৰে৷ পশু খাদ্য যোগানৰ বাবে মিলসমূহ মুকলি কৰিবলৈ নির্দেশ দিয়াৰ কথাও সংবাদমেলত সদৰী কৰে৷