আৰণ্যকৰ দ্বাৰা জৈৱবৈচিত্ৰ আৰু পৰিৱেশ সম্পৰ্কীয় অনলাইন আলােচনীৰ শুভাৰম্ভ :

আৰণ্যকৰ দ্বাৰা জৈৱবৈচিত্ৰ আৰু পৰিৱেশ সম্পৰ্কীয়  অনলাইন আলােচনীৰ শুভাৰম্ভ  :
Photo : Aaranyak

আৰণ্যকৰ দ্বাৰা জৈৱবৈচিত্ৰ আৰু পৰিৱেশ সম্পৰ্কীয়  অনলাইন আলােচনীৰ শুভাৰম্ভ  : 


AIIDESH.NEWS : May 2 :


উত্তৰ-পূৱ ভাৰতৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ অগ্ৰণী প্ৰকৃতি সংগঠন আৰণ্যকে ১ মে'ৰ দিনা “ইক’ এন ই’ নামৰ এখন অনলাইন আলােচনী মুকলি কৰে । উত্তৰ পূৰ্বাঞ্চলৰ জৈৱবৈচিত্ৰ আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহক লৈ প্ৰকাশিত এই আলােচনীখন মুখ্য:ত এক ডিজিটেল প্লেটফর্ম  ৷ ১ মে'ত গুৱাহাটীত ইক’ এন ইৰ ৱেবচাইট www.econe.in নামৰ এই অনলাইন আলোচনীখনৰ উন্মােচন কৰা হয় । এই প্ৰসংগত আৰণ্যকৰ মুখ্য সচিব ড৹ বিভৱ কুমাৰ তালুকদাৰে জনায় যে উত্তৰ পুৰ্বাঞ্চলৰ বাবে ইক' এন ই ৰ দৰে এক অনলাইন তথা ডিজিটেল মাধ্যমৰ খুবেই প্রয়ােজন আছিল । আমি ইক' এন ই নামক আলােচনীখনক সমগ্র দেশৰ লগতে, বিশেষকৈ উত্তৰ পূর্বাঞ্চলৰ পাৰিপাৰ্শ্বিক সংৰক্ষণক এই মাধ্যমৰ জৰিয়তে সুনিশ্চিত কৰাৰ কৰাৰ এক প্ৰয়াস কৰিছাে ।  আলোচনীখনৰ মুখ্য সম্পাদক উদয়ন বৰঠাকুৰৰ মতে “পৰিৱেশ সংৰক্ষণৰ প্রতি আমি আগবঢ়োৱা প্ৰচেষ্টাৰ উপৰিও জনসাধাৰণৰ আগত এই বিষয়বােৰ সহজতে দাঙি ধৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুৱ লেখক আৰু উদীয়মান পৰিৱেশ সাংবাদিক সকলক উৎসাহ বা উদগনি যোগাবলৈও এই আলােচনীখনৰ জড়িয়তে আৰণ্যকে চেষ্টা কৰিছে । যােৱাটো বছৰত আৰণ্যকৰ উদ্যোগত ৫ জন যুৱ সাংবাদিকে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱবৈচিত্ৰ আৰু পৰিবেশ সংৰক্ষণ সম্পর্কীয় তথ্যৰ ভিত্তিত উলিওৱা কেত বোৰ গুৰুত্বপূৰ্ণ লেখনিও এই ইক’ এন ই'ত প্রকাশ পাব বুলি তেওঁ জনায় ৷ আলােচনীখনে উদীয়মান প্রকৃতি প্রেমীৰ আলােকচিত্ৰৰ , গল্প, তথ্যচিত্র, আদি প্রকাশৰ বাবেও আগ্রহী । ইচ্ছুক ব্যক্তিসকলক www.econe.in ত উল্লেখ কৰা যােগাযােগৰ ঠিকনাৰ লগতে contact.econe@gmail.com ত যােগাযােগ কৰিবলৈ অনুৰােধ জনাইছে সম্পাদক উদয়ন বৰঠাকুৰে । আৰণ্যকৰ এই আলােচনীখনে বিভিন্ন বন্য গল্প, পৰিবেশ সংৰক্ষণ ক্রিয়াকলাপৰ পর্যালােচনাৰ লগতে, উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্র সম্পর্কে যুগুত কৰা ভিন্ন মাধ্যমৰ লিখনিসমূহ সামৰি লব বুলি জনাইছে । জৈৱবৈচিত্ৰ আৰু পৰিবেশ সংৰক্ষণৰ বিভিন্ন বিষয়সমূহ সামৰি আৰণ্যকে অনুস্থিত কৰা ইক’ টক’ নামৰ এলানি নতুন বার্তালাপৰো সংযােজন কৰা হৈছে আৰণ্যকৰ এই অন লাইন আলোচনীত ।