লক ডাউনত সমগ্ৰ ৰাজ্যৰ লগতে কৃষিমন্ত্ৰীৰ সমষ্টি বোকাখাতত কৃষকৰ বিলৈ :

লক ডাউনত সমগ্ৰ ৰাজ্যৰ লগতে কৃষিমন্ত্ৰীৰ সমষ্টি বোকাখাতত কৃষকৰ বিলৈ :
Rural farmers in problem
লক ডাউনত সমগ্ৰ ৰাজ্যৰ লগতে কৃষিমন্ত্ৰীৰ সমষ্টি বোকাখাতত কৃষকৰ বিলৈ :
লক ডাউনত সমগ্ৰ ৰাজ্যৰ লগতে কৃষিমন্ত্ৰীৰ সমষ্টি বোকাখাতত কৃষকৰ বিলৈ :

লক ডাউনৰ ১৭ টা দিন অতিক্ৰম কৰাৰ পাচত ভয়ংকৰ পৰিস্থিতৰ সন্মুখীন হৈছে ৰাজ্য কৃষক সকল ৷ কপালৰ ঘাম মাটিত পেলায় বেংকৰ পৰা ঋণলৈ উৎপাদন কৰা পাচলিক লৈ এতিয়া বিপদত পৰিছে কৃষক সকল ৷ কৃষি মন্ত্ৰীৰ অতুল বৰাৰ গৃহ সমষ্টিতো কৃষকৰ হাহাকাৰ অৱস্থা । দেশত চলি থকা লক ডাউন বাবে যোগাযোগ ব্যৱস্থা ব্যহত হোৱাৰ ফলত বোকাখাত মহকুমাৰ কৃষকৰ শ শ বিঘা পাচলি  এতিয়া নষ্ট হৈ পৰিছে । মহকুমাটোৰ কুৰুৱাবাহী, জাপৰিপথাৰ , ধনশিৰিমুখ আদি অঞ্চলৰ অৰ্ধ শতাধিক কৃষকে উৎপাদন কৰা আলু, ৰঙালাও, বিলাহীকে ধৰি বিভিন্ন পাচলি পথাৰতে নষ্ট  হৈছে ।  বোকাখাতৰ কৃষকে সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাক সমষ্টিত এটা শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰাৰ বহুবাৰ আবেদন জনাইও বিফল হৈছিল ৷  বৰ্তমান আঞ্চলটোৰ কৃষক সকলৰ মাজত মজুত আছে ১০০ টনৰো অধিক আলু, হেজাৰ টনৰ অধিক ৰঙালাও, ১০০ বিঘাতকৈও অধিক বিলাহী ।  আলু আৰু বিলাহী ইতিমধ্যে পথাৰতে নষ্ট হৈছে । উপায়হীন কৃষকে এতিয়া  পথাৰৰ এই  পাচলি সমূহ যোৰহাটত থকা শীতলীকৰণ ভঁৰালত মজুত ৰখাৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে কৃষি মন্ত্ৰী আৰু সমষ্টিৰ বিধায়ক অতুল বৰাক ৷ ইফালে সমষ্টিৰ কৃষক সকলে নতুনকৈ কৰা বড়ো ধানৰ খেতি পানীৰ অভাৱত শুকাই যোৱাৰো উপক্ৰম হৈছে । খেতি পথাৰত পানী যোগানৰ বাবে ব্যৱহৃত কৰা পানীৰ পাম্প সমূহত ভৰাবলৈ তেল আনিব নোৱাৰ বাবে বন্ধ হৈ আছে পানীৰ পাম্প সমুহ । ইতিমধ্যে তেল আনিবলৈ যোৱা বহু কেইজন কৃষকৰ  মটৰ চাইকেল লক ডাউন ভংগ কৰাৰ অপৰাধত আৰক্ষীয়ে জব্দ কৰি ৰাখিছে । সেয়েহে বোকাখাতৰ কৃষক সকলে পথাৰৰ পানী পাম্পৰ বাবে তেল যোগানৰ  বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈয়ো মহকুমা প্ৰশাসনক অনুৰোধ কৰিছে ৷