কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়াকৈ উদযাপিত হৈছে বিশ্ব পৰিৱেশ দিৱস : বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত চাফাই অভিযান, বৃক্ষ ৰোপণ আৰু কুইজ প্ৰতিযোগিতা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়াকৈ উদযাপিত হৈছে বিশ্ব পৰিৱেশ দিৱস : বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত চাফাই অভিযান, বৃক্ষ ৰোপণ আৰু কুইজ প্ৰতিযোগিতা  :
Aiidesh Photo

Aiidesh News :  4 th May  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসুচী ৷ প্ৰথম দিনৰ কাৰ্যসুচী হিচাবে আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলোবোপ এনিমেল কৰিডৰত চাফাই অভিযান চলোৱা হয় ৷ বিশ্ব পৰিৱেশ দিৱস হিচাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত আজি পুৱা আয়োজন কৰা পক্ষী নিৰিক্ষণ কাৰ্যসুচীত বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয় আৰু কমাৰগাওঁ মহাবিদ্যালয়ৰ মুঠ ৪৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ পক্ষী নিৰীক্ষণৰ এই কাৰ্যসুচীত কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা,বিশিষ্ট পক্ষীবিদ আবিদুৰ ৰহমান, অধ্যাপক ফাল্গুন চেতিয়া আৰু অমৰ জ্যোতি বৰদলৈয়ে অংশ গ্ৰহন কৰে ৷ পক্ষী নিৰীক্ষণৰ পিচতে পানবাৰী খণ্ড বন কাৰ্যালয়ৰ চৌহদত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ' ৰমেশ কুমাৰ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা,  সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী, বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ উপৰিও পৰিবেশ কৰ্মী উত্তম শইকীয়া আৰু পক্ষীবিদ আবিদুৰ ৰহমানে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে একোটাকৈ হোলোং গছৰ পুলি ৰোপন কৰে ৷ বৃক্ষ ৰোপণ কৰি সঞ্চালক যতীন্দ্ৰ শৰ্মাই অসমৰ বনাঞ্চলত পোৱা ঔষধি উদ্ভিদ আৰু সংৰক্ষণৰ উপৰিও ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে প্ৰাকৃতিৰ বনাঞ্চল আৰু মানৱ সৃষ্ট বনাঞ্চলৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ আগত ব্যখ্যা কৰে ৷

বৃক্ষ ৰোপনৰ পিচতেই তিনিওখন মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ ছাত্ৰ ছাত্ৰী সকলে পানবাৰী এনিমেল কৰিডৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশৰ দুয়ো কাষৰ আৱৰ্জনা পৰিস্কাৰ কৰে ৷ পানবাৰী এনিমেল কৰিডৰৰ প্ৰায় ৫ কিলোমিটাৰ পথাংশৰ দুয়োকাষৰ পৰা প্ৰায় ৭৭ কিলোগ্ৰাম আৱৰ্জনা সংগ্ৰহ কৰি কৰিডৰটো পৰিস্কাৰ কৰে ৷  উল্লেখ্য বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা কাজিৰঙাৰ সকলোবোৰ এনিমেল কৰিডৰতে বিভিন্ন মহাবিদ্যালয়, প্ৰকৃতি সংগঠন আৰু স্থানীয় লোকৰ সহযোগত আৱৰ্জনা পৰিস্কাৰ কৰা হয় ৷
ইফালে ৫ জুনৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত কহঁৰাৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত মুকলি কুইজৰ উপৰিও বিশ্ব পৰিবেশ দিৱসৰ মূল অনুষ্ঠান আৰু কুইজ প্ৰতিসযোগিতাৰ বঁটা প্ৰদান কাৰ্যসুচীও অনুষ্ঠিত হ'ব ৷

**********