কাজিৰঙাৰ এনিমেল কৰিডৰত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘৰ মৃত্যু :

কাজিৰঙাৰ এনিমেল কৰিডৰত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘৰ মৃত্যু  :
Aiidesh photo
কাজিৰঙাৰ এনিমেল কৰিডৰত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘৰ মৃত্যু  :

কাজিৰঙাৰ এনিমেল কৰিডৰত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘৰ মৃত্যু  : 

Aaidesh News :  25 May  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অতি গুৰুত্বপুৰ্ণ পানবাৰী বন্যপ্ৰাণী বুলনি বা এনিমেল কৰিডত আজি পুৱতি নিশা গাড়ীৰ খুন্দাত এটা মতা নাহৰফুটুকী বাঘৰ মৃত্যু হয় ৷ অতি গুৰুত্বপুৰ্ণ পানবাৰী এনিমেল কৰিডৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত ইয়াৰ পুৰ্বেও একাধিক নাহৰফুটুকী বাঘৰ উপৰিও ঢেকীয়াপতীয়া বাঘৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছিল ৷ 

জানিব পৰা মতে পানবাৰীৰ এনিমেল কৰিডৰৰ ৰাষ্ট্ৰীয় পথাংশত আজি পুৱতি নিশা অচিনাক্ত গাড়ীৰ খুন্দাত পথৰ ওপৰতে এটা প্ৰাপ্ত বয়স্ক মতা নাহৰফুটুকী বাঘ আহত হয় ৷ গাড়ীৰ খুন্দাত আহত হোৱা নাহৰফুটুকী বাঘটো ঘটনাস্থলীৰ পৰা ১৮ মিটাৰ উত্তৰলৈ গৈ মৃত্যুক সাৱতি লয় ৷ মৃত নাহৰফুটুকী বাঘটোৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট ৷ পুৱা স্থানীয় লোকে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়াত ঘটনাস্থলীত বনকৰ্মী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰজু কৰাৰ উপৰিও মৰোনোত্তৰ পৰীক্ষাৰ বাবে ঘটনাস্থলীৰ পৰা বাঘটোৰ মৃতদেহ সংগ্ৰহ কৰে ৷

সাধাৰণতে বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলোৱা বন্যপ্ৰাণীয়ে এই পানবাৰী এনিমেল কৰিডৰেদিয়েই কাৰ্বি পাহৰলৈ গতি কৰে ৷ সম্প্ৰতি কাজিৰঙাত ব্ৰহ্মপুত্ৰৰ বান পানীৰ প্ৰৱেশ হোৱা নাই যদিও বাৰিষাৰ আগমনৰ প্ৰাকক্ষণত পানবাৰীৰ কৰিডৰত এটা নাহৰফুটুকী বাঘৰ মৃত্যু অতি দুৰ্ভাগ্যজনক ৷

প্ৰতি বছৰৰ দৰে এনে ঘটনা প্ৰতিহত কৰিবৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এনিমেল কৰিডৰত চেনচৰ থকা কেমেৰা সংস্থাপন কৰাৰ উপৰিও মহকুমা প্ৰশাসনে এনিমেল কৰিডৰৰ ৰাষ্ট্ৰীয় পথাংশত ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰাও জাৰি কৰিছে ৷

*******