জিতু শইকীয়া ফাউণ্ডেচনৰ উদ্যোগত ইয়ং বিগ্ৰেড আৰু অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সহযোগত নুমলীগড়ত শিশু নাট কৰ্মশালা :

জিতু শইকীয়া ফাউণ্ডেচনৰ উদ্যোগত  ইয়ং বিগ্ৰেড আৰু অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সহযোগত নুমলীগড়ত শিশু নাট কৰ্মশালা :
Aiidesh Photo
জিতু শইকীয়া ফাউণ্ডেচনৰ উদ্যোগত  ইয়ং বিগ্ৰেড আৰু অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সহযোগত নুমলীগড়ত শিশু নাট কৰ্মশালা :
জিতু শইকীয়া ফাউণ্ডেচনৰ উদ্যোগত  ইয়ং বিগ্ৰেড আৰু অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সহযোগত নুমলীগড়ত শিশু নাট কৰ্মশালা :

বোকাখাতৰ জিতু শইকীয়া ফাউণ্ডেচনৰ উদ্যোগত  ইয়ং বিগ্ৰেড আৰু অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সহযোগত নুমলীগড়ত শিশু নাট কৰ্মশালা : 

 Aiidesh News  :  4 July 2023  :

বিগত বৰ্ষ সমূহৰ দৰে জিতু শইকীয়া ফাউণ্ডেচন, ইয়ং বিগ্ৰেড আৰু অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলে যৌথভাৱে এইবাৰো শিক্ষানুষ্ঠানৰ গ্ৰীষ্ম  বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰী সকলৰ শাৰীৰিক মানসিক বিকাশৰ উৎকৰ্ষ সাধনৰ বাবে  বোকাখাতৰ বিভিন্ন প্ৰান্তত বিভিন্ন কৰ্মশালাৰ আয়োজন কৰিছে ।  

উল্লেখ যোগ্য যে সুকুমাৰ কলাৰ জৰিয়তে ছাত্ৰছাত্ৰী সকলৰ মাজত মানসিক বিকাশৰ ক্ষেত্ৰত ইতিবাচক আৰু সৃষ্টিশীলতাৰ বীজ ৰোপন কৰাৰ লক্ষ্য আগত ৰাখি  জিতু শইকীয়া ফাউণ্ডেচনে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে ।  বৰ্তমান সময়ত ছাত্ৰছাত্ৰী সকলক ম'বাইল আসক্তিৰ পৰা আঁতৰাই আনি এখন সৃষ্টিশীল পৃথিৱীৰ স'তে চিনাকি কৰি দিয়াৰ উদ্যোগতা সকলৰ এই প্ৰয়াসক বোকাখাত ৰাইজে আদৰনী জনাইছে । উদ্যোগী যুৱক জিতু শইকীয়া নিজৰ জেপৰ ধন ভাঙি তেওঁৰ ফাউণ্ডেচন আৰু ইয়ং ব্ৰিগেডৰ সহযোগত সম্পূৰ্ণ বিনামূলীয়াকৈ এই কৰ্মশালা সমূহত প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ  প্ৰদান কৰি আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীক প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে ৷ বিগত বৰ্ষৰ দৰে এইবাৰৰ কৰ্মশালা সমূহতো প্ৰশিক্ষাৰ্থী সকলৰ সহযোগিতা মন কৰিবলগীয়া ৷ 

৩ জুলাইৰ দিনা নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চল তিনিআলিত অবস্থিত "ৰাজ এণ্ড পাহি প্লাজা"ত  শুভাৰাম্ভণি কৰা এমহীয়া শিশুনাট কৰ্মশালাত নুমলীগড়, তেলগৰম, পংকা, কানাইঘাট, নুমলীগড় ব্লক, ৰৌ-দুৱাৰ, ৰজাবাৰী আদি স্থানৰ পৰা অহা দ্বি-শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।  ৩ জুলাইৰ দিনা এই কৰ্মশালা শুভ উদ্বোধন কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি জেষ্ঠ সাংবাদিক বুবুল দত্তই । অনুষ্ঠানত কৰ্মশালাটোৰ প্ৰশিক্ষক  গীতিৰেখা দত্ত, নিলাক্ষী হাজৰিকা, প্ৰিয়াংশু প্ৰাঞ্জল, প্ৰনৱ শইকীয়া, তৰুণতীৰ্থ শইকীয়াৰ উপৰিও অতিথি বিনন ফুকন, কুৰুৱাবাহী সমবায় সমিতিৰ সভাপতি বিপুল দাস,  সমাজকৰ্মী প্ৰণীত বৰুৱা, ৰাজেন ৰাজখোৱা, ইয়ং বিগ্ৰেডৰ ৰাজা ঢেকিয়াল ফুকন, ৰিতুৰাজ লইং , জিতু শইকীয়া ফাউণ্ডেচনৰ সহ ন্যাস ৰক্ষক পপী বৰা শইকীয়া,  সদস্য বিপ্লৱ শইকীয়া আৰু সমীৰণ কলিতাকে  ধৰি যথেষ্ট সংখ্যক লোক উপস্থিত থাকে ৷ 

অনুষ্ঠানত এই কৰ্মশালাৰ সামৰণীত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা এখন নাট মঞ্চস্থ কৰাৰ লগতে দ্বিতীয় নিশাত ৰজাবাৰী নাট্য গোষ্ঠীৰ  সহযোগত নাট্যকাৰ অজন্ত পূজাৰীৰ ব্ৰহ্মাস্ত্ৰ নামৰ নাটক খন মঞ্চস্থ কৰা হ'ব বুলিও জিতু শইকীয়া ফাউণ্ডেচনৰ ফালৰ পৰা জনায় । আন হাতে জিতু শইকীয়া ফাউণ্ডেচন আৰু ইয়ং বিগ্ৰেডৰ উদ্যোগত  আৰু বাদুলীপাৰ ক্ৰীড়া সন্থা আৰু বাদুলিপাৰ চাহ বাগিছা সংঘৰ সহযোগত ৪ জুলাইত  বাদুলিপাৰত এমহীয়া ফুটবল প্ৰশিক্ষণ শিৱিৰ আৰম্ভ কৰা হ'ব বুলি অৱগত কৰে । এই  ফুটবল প্ৰশিক্ষণ শিৱিৰৰ নাম পঞ্জীয়ন কাম চলি আছে আৰু ছাত্ৰ ছাত্ৰীৰ পৰা যথেষ্ট সঁহাৰি পোৱা বুলিও জিতু শইকীয়া ফাউণ্ডেচনৰ তৰফৰ পৰা জানিবলৈ দিয়ে । 

উল্লেখযোগ্য যে জিতু শইকীয়া ফাউণ্ডেচনৰ ন্যাস ৰক্ষক  জিতু শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰো এজন সক্ৰিয় নেতা । বৰ্তমান ইয়ং বিগ্ৰেড অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ কাৰ্য্যকৰী সভাপতিৰ দৰে গুৰুদায়ীত্বত থকা জিতু শইকীয়া বোকাখাতৰ সমাজ জীৱনৰ এক চিনাকি নাম ।