বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত বিদ্যুত উপ কেন্দ্ৰৰ শিলান্যাস মন্ত্ৰী অতুল বৰাৰ :

বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত বিদ্যুত উপ কেন্দ্ৰৰ শিলান্যাস মন্ত্ৰী অতুল বৰাৰ  :
Aiidesh Photo
বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত বিদ্যুত উপ কেন্দ্ৰৰ শিলান্যাস মন্ত্ৰী অতুল বৰাৰ  :

বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত বিদ্যুত উপ কেন্দ্ৰৰ শিলান্যাস মন্ত্ৰী অতুল বৰাৰ  : 

Aiidesh News : 22 April  2023 : 

বোকাখাত বিদ্যুত উপ সংমণ্ডলত বিদ্যুতৰ নাটনি দূৰ কৰিবৰ বাবে বোকাখাত বিদ্যুত উপ সংমণ্ডলৰ উদ্যোগত আজি বোকাখাতৰ বৰচাপৰি চাহ বাগিচাৰ মাটিতে নতুনকৈ    স্থাপন কৰিবলৈ লোৱা ৩৩/১১ কিলো ভল্টৰ বিদ্যুত উপ-কেন্দ্ৰৰ শিলান্যাস কৰে কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই ।

এচিয়ান আন্ত:গাঠনি উন্নয়ন বিনিয়োগ বেংকৰ ৯ কোটি টকাৰ সাহায্য পূঁজিৰে অসমৰ বিভিন্ন স্থানত নিৰ্মান কৰিবলৈ লোৱা বিদ্যুত উপ-কেন্দ্ৰ সমুহৰ লগতে  বোকাখাতৰ বৰচাপৰিতো এই বিদ্যুত উপ-কেন্দ্ৰ স্থাপন কৰা হৈছে । বিদ্যুত উপ-কেন্দ্ৰটোৰ শিলান্যাস কৰি বোকাখাত সমষ্টিত বিদ্যুতৰ সমস্যা বহু পৰিমানে দূৰ হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই । এই উপলক্ষে আয়োজিত অনুষ্ঠানত আদৰনী ভাষণ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত তথা বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডা০ নেহা যাদৱে । অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট বৈদ্যুতিক চক্ৰৰ কাৰ্যবাহী বিষয়া নিপন অধিকাৰী, সহকাৰী প্ৰৱন্ধক জয়ন্ত গগৈ, ৰবাৰ্ট সন্দিকৈ, বৰচাপৰি চাহ বাগিচাৰ জেষ্ঠ পৰিচালক বিকাশ যোশী, আৱাসিক অভিযন্তা প্ৰিতম বৰা, গাওঁ পঞ্চায়তৰ সভাপতি মামনী গাজলু, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত , বি জেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিমেষ শইকীয়া, অসম গন পৰিষদ দলৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতা আদি ব্যক্তি সকল উপস্থিত থাকে ৷

********