জুবিন গাৰ্গৰ স্মৃতিত আমঠু শীৰ্ষক নতুন গীত : জুবিন গাৰ্গৰ সহপাঠীৰ হৃদয়স্পৰ্শী স্মাৰক শ্ৰদ্ধাঞ্জলি :
Aiidesh News : 16 November - 2025 :
অসমবাসীৰ অতিকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আমঠু (AAMOTHU) নামৰ এটি নতুন গীতৰ ভিডিঅ’ ইউটিউবত স্মাৰক শ্ৰদ্ধাঞ্জলি হিচাবে সম্প্ৰতি মুক্তি কৰি দিছে জুবিন গাৰ্গৰ সহপাঠী কেইগৰাকীমান যুৱকে । মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা অসমৰ গিটাৰবাদক অতনু গৌতমৰ সুৰ, সংগীত প্ৰযোজনা আৰু কণ্ঠৰ এই আমঠু শীৰ্ষক গীতৰ কথা জুবিন গাৰ্গৰ কলেজীয়া দিনৰ বন্ধু যোৰহাটৰ ৰিতুন বৰদলৈৰ । আমঠুৰ ভিডিঅ’গ্ৰাফীৰ অভিধাৰণা আৰু নিৰ্দেশনা মুম্বাইত কৰ্মৰত জুবিন গাৰ্গৰ কলেজীয়া জীৱনৰ সহপাঠী বোকাখাতৰ যুৱক অনুপম শইকীয়াৰ । আমঠুৰ ভিডিঅ’গ্ৰাফী সম্পূৰ্ণভাৱে নতুন আৰু আহিব লগা ডিজিটেল মাধ্যম ভাৰ্চুৱেল ৰিয়েলিটি (VR) ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে অনুপম শইকীয়াই । গীতটোৰ ভিডিঅ’গ্ৰাফীৰ সমগ্ৰ দৃশ্যপট ভাৰ্চুৱেল ৰিয়েলিটিৰ এক বিশেষ প্ৰডাকশন প্ৰক্ৰিয়াৰ জৰিয়তে ত্ৰিমাত্ৰিক (3D) ডিজিটেল উপায়েৰে গঢ়ি তোলা হৈছে । এক ধাৰাবাহিকতাৰে কোনো দৃশ্য সম্পাদনা নকৰাকৈ এই গীতৰ ভিডিঅ’গ্ৰাফী নিৰ্মান কৰা হৈছে , য'ত দৰ্শকে এখন ডিজিটেল আকাশৰ মাজেৰে স্বপ্ন, গতি আৰু জুবিন গাৰ্গৰ আত্মিক উপস্থিতিৰ অনুভৱ কৰিব পাৰে । অনুপম শইকীয়াৰ মতে এনে একক দৃশ্য ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য আছিল মুল ভাৱৰ স্বাভাৱিকতাক সংৰক্ষণ কৰা । অনুপম শইকীয়াই জনোৱা মতে আমঠুৰ ভিডিঅ’গ্ৰাফীত সংৰচনা কৰা দৃশ্যপট জুবিন গাৰ্গৰ ব্যক্তি স্বত্তাৰ সৈতে জড়িত কৰাৰ প্ৰয়াস কৰা হৈছে । আমঠুৰ সামগ্ৰিক পৰিকল্পনা জুবিন গাৰ্গৰ তিনিজন দীর্ঘদিনৰ সহপাঠী আৰু বন্ধু অতনু (দাদু), ৰিতুন আৰু অনুপমৰ । যাৰ বাবে আমঠুৰ ভিডিঅ’গ্ৰাফী অধিক অনুভৱী আৰু হৃদয়স্পৰ্শী হৈ উঠিছে ।
উল্লেখ্য যে বোকাখাতৰ যুৱক অনুপম শইকীয়া এ আৰ, ভি আৰ আৰু এক্স আৰ প্ৰযুক্তিৰ সৃজনীশীল কামত জড়িত এগৰাকী অভিযন্তা উদ্যোগী আৰু মুম্বাইস্থিত মেটাভিয়ান টেকন’লজী প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া । অনুপম শইকীয়াৰ মতে সদ্যমুক্তি প্ৰাপ্ত ‘আমঠু’ৰ ভিডিঅ’গ্ৰাফী হৈছে ভাৰ্চুয়েল ৰিয়েলিটি এক অভিলাষী প্ৰকল্পৰ প্ৰাথমিক পৰীক্ষামূলক অভিযোজনাহে । ইয়াক অচিৰেই ২০২৬ ৰ এক আন্তৰ্জাতিক XR মঞ্চত প্ৰদৰ্শিত কৰিব পৰাকৈ প্ৰস্তুত কৰা হ’ব । উল্লেখ্য যে য’ত মেটাৰ এম্বিচ’নিক প্ৰযুক্তিৰ সহায়ত শব্দ সজ্জাৰ এক নতুন দিশ উন্মোচন কৰাৰ চেষ্টাৰে এক বিশেষ প্ৰস্তুতি চলোৱা হৈছে । আমঠুৰ ভিডিঅ’গ্ৰাফীত ব্যৱহৃত ভাৰ্চুয়েল ৰিয়েলিটিৰ সম্পৰ্কত বাখ্যা দাঙি ধৰি অনুপম শইকীয়াই কয় যে “জুবিন গাৰ্গ নিশাকলৈ সদায়ে বৰ আকৃষ্ট আছিল । দিনৰ কোলাহলৰ পৰা এৰাই, নীৰবতাৰ মাজত স্বপ্নদীপ্ত মন এটা লৈ মুক্তভাৱে বিচৰণ কৰি জুবিনে ভাল পাইছিল । নিশাৰ নিৰৱতাত চন্দ্ৰৰ জ্যোৎস্নাই যেন তেওঁক পথ দেখুৱাইছিল । এনে অনুভৱ এটাকেই আমি আমঠু নামৰ গীতটোৰ ভিডিঅ’গ্ৰাফীৰ মূল বিষয় হিচাপে লৈ ভাৰ্চুয়েল ৰিয়েলিটিৰে সঁজাই তোলাৰ প্ৰয়াস কৰিছো । এই ভাৰ্চুৱেল জগতত, এটা ভাৰ্চুৱেল কেমেৰাৰ প্ৰয়োগৰে অসীম আকাশৰ দৃশ্যপট নিৰ্মান কৰা হৈছে । য’ত জুবিনে যেন আমাক আগলৈ যোৱাৰ পথ দেখুৱাইছে । কোনো দৃশ্যৰ সম্পাদনা নকৰাকৈ এটা একক দৃশ্যৰে সম্পুৰ্ণ ভিডিঅ’টো নিৰ্মান কৰা হৈছে ।” এই অপূৰ্ব ভিডিঅ’গ্ৰাফীৰ বাবে অনুপমে মুম্বাইৰ মেটাভিয়ান প্ৰাইভেট লিমিটেডৰ লগতে টিম মেটাভিয়ানলৈ ধন্যবাদ জনাই অতি কম সময়ত কামটো সফলভাৱে সম্পন্ন কৰি তোলাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।
একেদৰে আতনু গৌতম বৰ্তমান মুম্বাইত কাম কৰি থকা এজন দক্ষ সংগীত সুৰকাৰ । তেওঁ বিনীত টি আৰ জি বেণ্ডৰ সৈতে জড়িত আৰু ইয়াৰ পূৰ্বে আকৃতি কক্কৰ, কুনাল গাঞ্জাৱালা আৰু শ্ৰেয়া ঘোষালৰ দৰে প্ৰখ্যাত শিল্পীৰ সংগীতানুষ্ঠানত মুখ্য গীটাৰবাদক হিচাপে কাম কৰি আছে । আমঠুক অসমৰ জনসাধাৰণে আকোৱালী ল’ব বুলি আশাবাদী জুবিনৰ একালৰ সহপাঠী যুৱকৰ এই দলটো ।
***********







