আজিৰে পৰা পুনৰ খোল খাব ৰহাৰ টোল গে’ট

আজিৰে পৰা পুনৰ খোল খাব ৰহাৰ টোল গে’ট
পুনৰ খোল খাব ৰহাৰ টোল গে’ট

কোৰোণা ভাইৰাছৰ সজাগতাৰ বাবে ২৪ মাৰ্চৰ পৰা দেশজুৰি আৰম্ভ হৈছিল তলাবদ্ধ। দিন যোৱাৰ লগে লগে এই তলাবন্ধ এতিয়া পৰ্যায়ক্ৰমে শিথিল কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ অথৰিটীৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ে ২০ এপ্ৰিলৰ পৰা দেশজুৰি পুনৰ টোলগে’টসমূহ খোলাৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিতেই ২০ এপ্ৰিলৰ পৰা অসমৰ তিনিটা টোল গে’ট ক্ৰমে নগাঁৱৰ ৰহা, গোসাঁইগাঁও আৰু বিজনীৰ দাহালপাৰাৰ টোলগে’ট পুুনৰ খোল খাব। এই সময়ছোৱাত ব্যক্তিগত আৰু বাণিজ্যিক বাহনসমূহৰ পৰা গে’টৰ মাচুল সংগ্ৰহৰ বাবে নিৰ্দেশ দিছে।