কার্বি আংলঙত লকডাউন অমান্য

কার্বি আংলঙত  লকডাউন অমান্য
লকডাউন অমান্য

কার্বি আংলং জিলাত একাংশ লোকে আজি ব্যাপক হাৰত ‘লকডাউন’ ভংগ কৰা পৰিলক্ষিত হয়৷ কার্বি আংলং জিলাত লকডাউন শিথিল হোৱাৰ বাতৰি পায়েই আজি পুৱাতে ডিফু চহৰত ভালেসংখ্যক লোক দলে-বলে বজাৰলৈ ওলাই অহা পৰিলক্ষিত হয়৷ লকডাউন শিথিল হ’লেও দুচকীয়া বাহনত কেৱল এজন আৰোহীকহে অনুমতি দিয়া হৈছিল যদিও চহৰখনত অনায়াসে দুজনকৈ লোকে দুচকীয়া বাহনত ঘূৰি ফুৰা দেখিবলৈ পোৱা যায়৷

যাত্রীবাহী বাহনৰ চলাচল নিষিদ্ধ আছিল যদিও পুৱাৰ ভাগতে ভালেসংখ্যক অট’ই চহৰখনত ভিৰ কৰা দেখিবলৈ পোৱা যায়৷ দুচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত বাহনৰো যথেষ্ট চলাচল পৰিলক্ষিত হয়৷ ইয়াৰ সমানুপাতিকভাৱে ডিফু চহৰত বাঢ়িবলৈ ধৰে মানুহৰ ভিৰ৷ অৱশ্যে, চহৰখনত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে আৰক্ষীৰ তৎপৰতাতহে দুপৰীয়াৰ ভাগত পৰিস্থিতি কিছু নিয়ন্ত্রণলৈ অহা পৰিলক্ষিত হয়৷ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বাবে ঠায়ে ঠায়ে আৰক্ষীয়ে লাঠীচালনাও কৰিবলগীয়া হয়৷

ঠিক সেইদৰে বকলীয়াঘাটতো আজি পুৱাৰে পৰা লকডাউন অমান্য কৰি ভালেসংখ্যক লোকে ৰাজপথত ভিৰ কৰিবলৈ ধৰা দেখা যায়৷ প্রশাসনে অপৰিহার্য ঘোষণা কৰা মাস্ক পৰিধান নকৰাকৈয়ো বহুজন লোক বজাৰলৈ ওলাই আহে৷ পেট্রল পাম্পতো দেখা যায় বহু লোকৰ সমাগম৷ প্রসংগক্রমে উল্লেখযোগ্য যে, কৰ’নাৰ ভয়াৱহতা সম্পর্কে চৰকাৰে ব্যাপক প্রচাৰ আৰু সজাগতা অব্যাহত ৰখাৰ পিছতো একাংশ লোকে সঘনাই লকডাউন ভংগ কৰিবলৈ উন্মুখ হৈ থকা দেখিবলৈ পোৱা গৈছে৷ প্রশাসনে এইক্ষেত্রত কঠোৰ স্থিতি গ্রহণ নকৰিলে ৰাজ্যখনত পুনৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা নোহোৱা নহয়৷ (জয়ন্ত ৰংফাৰ,ডিফু)