তৃতীয়টো উষ্ম প্ৰৱাহ আৰু বনজুইৰ কৱলত গ্ৰীচৰ : অগ্নিনিৰ্বাপক বিমান দুৰ্ঘটনাগ্ৰস্ত : তিনিজনৰ মৃত্যু :

তৃতীয়টো উষ্ম প্ৰৱাহ আৰু বনজুইৰ কৱলত গ্ৰীচৰ : অগ্নিনিৰ্বাপক বিমান দুৰ্ঘটনাগ্ৰস্ত  : তিনিজনৰ  মৃত্যু :

তৃতীয়টো উষ্ম প্ৰৱাহ আৰু বনজুইৰ কৱলত গ্ৰীচৰ : অগ্নিনিৰ্বাপক বিমান দুৰ্ঘটনাগ্ৰস্ত  : তিনিজনৰ মৃত্যু : 

Aiidesh News : 27 July 2023 :

বিশ্ব জুৰি হোৱা জলবায়ুৰ পৰিৱৰ্তনৰ মাজতে তৃতীয়টো উষ্ম প্ৰবাহৰ কৱলত পৰিছে ইউৰোপৰ গ্ৰীচ । এই উষ্ম প্ৰবাহৰ মাজতেই দেশ খনত সৃষ্টি হোৱা বনজুইৰ কৱলত সমগ্ৰ দেশখনতেই এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বনজুইৰ কৱলত গ্ৰীচত তিনিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ২৫ জুলাইত দেশখনত দুজন পাইলট আৰু এজন ষ্টকব্ৰিডাৰৰ মৃত্যু হৈছে । দেশখনৰ ইভিয়া দ্বীপত সংঘৰ্টিত হোৱা অগ্নিনিৰ্বাপক বিমান দুৰ্ঘটনাত এই দুজন পাইলটৰ মৃত্যু হয় । ইফালে, বনজুইৰ মাজতে গ্ৰীচে দেশখনত আৰম্ভ হোৱা তৃতীয়টো উষ্ম প্ৰবাহৰ সৈতেও যুঁজিব লগা হৈছে । 

গ্ৰীচৰ সংবাদ মাধ্যম ই আৰ টিয়ে জনোৱা মতে এজন ৪১ বছৰীয়া ষ্টকব্ৰিডাৰৰ মৃতদেহ ইভিয়াৰ এটা জুপুৰিত জ্বলি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ।  ২৩ জুলাইৰ পৰাই ষ্টকব্ৰিডাৰজন সন্ধানহীন হৈ আছিল । সম্প্ৰতি দেশখনৰ ৰোডছ, ইভিয়া আৰু কৰ্ফু দ্বীপত বিগত দুটা সপ্তাহ ধৰি বনজুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে  তিনিওটা দ্বীপৰ পৰা এতিয়ালৈকে প্ৰায় ২০ হেজাৰৰো অধিক লোকক স্থানান্তৰ কৰিব লগা  হৈছে ।

গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোচ মিটচোটাকিচৰ মতে গ্ৰীচয়ে এতিয়া বনজুইৰ সৈতে যুঁজিব লগা হৈছে । আগন্তুক দিনত এই যুঁজ আৰু কঠিন হোৱাৰ সম্ভাৱনা আছে । য়াৰ বাবে তেওঁ দেশবাসীক সতৰ্ক কৰি দিছে ।

দেশখনত আৰম্ভ হোৱা তৃতীয়টো উষ্ম প্ৰবাহৰ মাত্ৰা বনজুইৰ বাবে আৰু বেছি জটিল হৈ পৰিছে । গ্ৰীচৰ বনজুইয়ে সমগ্ৰ ইউৰোপত অত্যাধিক তাপমাত্ৰা সৃষ্টি কৰা বুলি বিশষজ্ঞ সকলে মন্তব্য কৰিছে । দেশখনৰ বতৰ বিজ্ঞানীৰ মতে চলিত সপ্তাহত গ্ৰীচত তৃতীয় উষ্মপ্ৰবাহ চলি থাকিব আৰু তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।

গ্ৰীচৰ বনজুই নিৰ্বাপিত কৰিবলৈ ইউৰোপীয় ইউনিয়নৰ মিত্ৰশক্তিয়ে ইতিমধ্যে ইয়াৰ সদস্য ৰাষ্ট্ৰ সমুহৰ পৰা ৫০০ অগ্নিনিৰ্বাপক বাহিনী, ১০০ খন বাহন আৰু সাতখন বিমান প্ৰেৰণ কৰিছে । তুৰস্ক, ইজৰাইল, ইজিপ্ত আৰু অন্যান্য দেশসমূহেও গ্ৰীচলৈ সাহাৰ্য প্ৰেৰণ কৰিছে ।

**********