বোকাজানত বিধ্বংসী অগ্নিকাণ্ড

বোকাজানত বিধ্বংসী অগ্নিকাণ্ড
বোকাজানত বিধ্বংসী অগ্নিকাণ্ড

বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান অঞ্চলৰ দুদু কলনীত মঙ্গলবাৰে দিনৰ প্ৰায় ১ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ঘন জনবসতিপূৰ্ণ অঞ্চলটোত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে। জুইৰ লেলিহান শিখাই নিমিষতে বৃহৎ অঞ্চলটো আগুৰি ধৰাৰ ফলত সমগ্ৰ অঞ্চলটোৰ লগতে আকাশৰ বহু ওপৰলৈ কলা ধোৱাই ছানি ধৰে ৷ অগ্নিকাণ্ডত প্ৰায় পাঁচ শতাধিক ঘৰ জুইত সম্পূৰ্ণৰূপে জাহ যায়। ঘটনাস্থলীত খটখটি আৰক্ষী, বোকাজান অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়েও বহু কষ্টৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত ছবিয়া খাতুন নামৰ ৪ বছৰীয়া এটি কন্যা শিশু জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ ভাৱে মৃত্যুক আঁকোৱালি লয় আৰু কেইবাজনো ব্যক্তি আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীসকলৰ মতে লাহৰিজান বাগানৰ মাটিত কিছু সন্দেহযুক্ত লোকে অবৈধভাৱে বাঁহ আৰু টিনেৰে নিৰ্মাণ কৰা উক্ত ঘৰ সমূহৰ কোনো এটা ঘৰৰ পৰাই জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ ব্যক্ত কৰিছে। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ মূল কাৰণ তথা ইয়াৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ নিৰ্দিষ্টকৈ জানিব পৰা হোৱা নাই