বৰপেটাৰ পক্ষী নিধন কাণ্ডক লৈ আৰণ্যকৰ উদ্বেগ প্ৰকাশ : দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী :

বৰপেটাৰ পক্ষী নিধন কাণ্ডক লৈ আৰণ্যকৰ উদ্বেগ প্ৰকাশ  : দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী  :
বৰপেটাৰ পক্ষী নিধন কাণ্ডক লৈ আৰণ্যকৰ উদ্বেগ প্ৰকাশ  : দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী  :

 

বৰপেটাৰ পক্ষী নিধন কাণ্ডক লৈ আৰণ্যকৰ উদ্বেগ প্ৰকাশ  : দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী  : 

Aiidesh News : 26 June 2023  :

বৰপেটা জনীয়াৰ মহম্মদপুৰত খেতিপথাৰত বিহ মিহলাই শ শ বিলুপ্তিপ্ৰায় দাগযুক্ত কপৌ (Spotted Dove) নিধন কৰাৰ ঘটনাক লৈ প্ৰকৃতিপ্ৰেমী সংগঠন, প্ৰকৃতিপ্ৰমী আৰু সংৰক্ষণবিদ সকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে বৰপেটা জিলাৰ মহম্মদপুৰ গাঁৱত চৰাইৰ পৰা শস্য ৰক্ষা কৰাৰ বাবে একাংশ  স্থানীয় লোকে শস্যত বিষাক্ত পদাৰ্থ প্ৰায়োগ কৰি ব্যৱহাৰ কৰাৰ বাবে এই চৰাইবোৰৰ মৃত্যু হৈছে ।

বিহ দি পক্ষী নিধন কৰা বিষয়টো সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে  । ড০ তালুকদাৰে আজি এটা বিবৃতি  বিহ দি এইদৰে ব্যাপক হাৰত কৰা পক্ষী নিধন কাৰ্য অতি উদ্বেজনক আৰু দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । আমি উক্ত গাওঁত গাওঁবুঢা আৰু গাঁওৰক্ষী গোট সমূহক গাঁওবাসীৰ মাজত এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাইছো  লগতে দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিষয়াক অনুৰোধ জনাইছো” বুলি মন্তব্য কৰে ড৹ বিভৱ কুমাৰ তালুকদাৰে ৷

তেওঁ লগতে কয় যে পক্ষী নিধন বিষয়টো আৰণ্যকৰ বাবেও গভীৰ চিন্তনীয়, কিয়নো  পৰিৱেশ তন্ত্ৰত পক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইহঁতে শস্যৰ ক্ষতি কৰিব পৰা কীট-পতংগ আৰু সৰু সৰু কৃন্তক প্ৰাণী ভক্ষণ কৰি ৰাসায়নিক কীটনাশকৰ প্ৰয়োগৰ প্ৰয়োজন হ্ৰাস কৰে । পৰাগযোগৰ লগতে পক্ষীয়ে খাদ্যৰ বাবে ব্যৱহাৰ কৰা উদ্ভিদকে ধৰি বিভিন্ন উদ্ভিদৰ বংশবৃদ্ধি, উদ্ভিদৰ বীজ বিয়পোৱাত সহায় কৰে আৰু কৃষিভূমিৰ সামগ্ৰিক বৈচিত্ৰ্য ৰক্ষাত অৰিহণা যোগায় । চৰাইৰ সংখ্যা সুৰক্ষিত কৰি কৃষি ভূমিৰ পৰিৱেশতন্ত্ৰ অটুট ৰখা আৰু সুৰক্ষিত খাদ্য যোগানৰ বাবে কৃষিৰ উৎপাদনশীলতা বৃদ্ধি নিশ্চিত কৰিব পৰা যায় ।

পক্ষী নিধনৰ বিষয়টো জনসাধাৰণৰ দৃষ্টিগোচৰ কৰা স্থানীয় লোকক  আৰণ্যকে ধন্যবাদ জনোৱাৰ লগতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু অধিক পক্ষীৰ নিধন ৰোধ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে ।

Source : https://www.facebook.com/reel/1631478703995798