ডিব্ৰুগড়ত আলফা (স্বা)ৰ সদস্যক গ্ৰেপ্তাৰ/ দুটা আই ডি বিস্ফোৰণ

ডিব্ৰুগড়ত আলফা (স্বা)ৰ সদস্যক গ্ৰেপ্তাৰ/ দুটা আই ডি বিস্ফোৰণ

লকডাউনৰ মাজতে উজনিত সেনা-আৰক্ষীয়ে আলফা (স্বা) বিৰোধী অভিযান অব্যাহত ৰাখিছে। কালি নিশা ডিব্ৰুগড়ৰ টিংখাং বাইলুং ভেটি গাঁৱত ভাৰতীয় সেনা আৰু আৰক্ষীয়ে অভিযান চলাই জান্টু গগৈ নামৰ আলফা (স্বা)ৰ সদস্যজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে ধৃত আলফা (স্বা) সদস্যজনৰ পৰা আৰক্ষীয়ে দুটা শক্তিশালী আই ই ডি বোমা উদ্ধাৰ কৰিছে। তদুপৰি এটা ৭.৬৫ এম এম পিষ্টল, এটা মেগজিনসহ সক্ৰিয় গুলী আৰু এটা মোবাইল ফোন জব্দ কৰিছে। আৰক্ষীয়ে আলফা (স্বা) সদস্যজনৰ উদ্ধাৰ কৰা শক্তিশালী আই ই ডি দুটা বোমা বিশেষজ্ঞৰ এটা দলে নিষ্ক্ৰীয় কৰে। ডিব্ৰুগড় চহৰৰ পল্টনবজাৰস্থিত সেনা চাউনিৰ কাষৰ মুকলি পথাৰত আই ই ডি দুটা বিস্ফোৰণ ঘটাই নিষ্ক্ৰীয় কৰি তোলে।