বিহুক বিকৃতি ৰূপত পৰিবেশন কৰা যোৰহাটস্থিত বিগ বজাৰত তলা লগালে আছু-অসম সেনাই |

বিহুক বিকৃতি ৰূপত পৰিবেশন কৰা যোৰহাটস্থিত বিগ বজাৰত তলা লগালে আছু-অসম সেনাই |
বিহুক বিকৃতি ৰূপত পৰিবেশন কৰা যোৰহাটস্থিত বিগ বজাৰত তলা লগালে আছু-অসম সেনাই |

কেৱল মুনাফা অর্জন কৰাটোৱে বহুজাতিক প্ৰতিষ্ঠানৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য বুলি যি অভিযোগ সময়ে - সময়ে উত্থাপিত হৈ থাকে যোৰহাটস্থিত বিগ বজাৰৰ যোৱাকালিৰ ঘটনাটোৱে পুনৰ সেই অভিযোগক সত্য বুলি প্ৰমাণিত কৰিছে । ব্যক্তিগত মুনাফা ঘটাৰ স্বাৰ্থত গ্ৰাহকক আমোদ প্ৰদানৰ বাবে অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰতীক তথা জাতিৰ স্বাভিমান বিহুক জাতীয় সাজ-পাৰ পৰিধানেৰে বিকৃত ৰূপ প্ৰদান কৰা বহুজাতিক প্ৰতিষ্ঠান বিগ বজাৰৰ যোৰহাটস্থিত বিপনীৰ বিৰুদ্ধে গৰজি উঠি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনা ,যোৰহাট মহানগৰ সমিতিয়ে আজি যৌথভাৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বহুজাতিক প্ৰতিষ্ঠানটোৰ মুখ্য দুৱাৰত প্ৰকাণ্ড তলা ওলমাই দিয়ে । ' বিগবজাৰৰ ভণ্ডামি নছলিব' , ' বিগবজাৰ গ' বেক' , ' জাতীয় কৃষ্টিৰ প্ৰতি অপমান সহ্য কৰা নহ'ব  ' , ' জাতিৰ স্বাভিমানত আঘাট সনা বিগ বজাৰ মূর্দাবাদ' ইত্যাদি শ্ল'গানেৰে শতাধিকতকৈও অধিক কৰ্মীয়ে প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় , জাতিৰ স্বাভিমান বাপতিসাহোন বিহুক কেৱল বিজ্ঞাপনৰ নামত বিকৃত ৰূপ প্ৰদান কৰা যোৰহাটস্থিত এই বহুজাতিক প্ৰতিষ্ঠান বিগবজাৰৰ বাবে কালি যোৰহাটবাসী ৰাইজ সমগ্ৰ অসমৰ ওচৰত লজ্জানত হ'বলগীয়া হৈছে । বিগবজাৰ নামৰ বহুজাতিক প্ৰতিষ্ঠানটোৱে কেৱল মাত্ৰ সস্তীয়া প্ৰচাৰৰ স্বাৰ্থত অসমৰ কৃষ্টি-সংস্কৃতিৰ ধ্বজ্জাবাহক তথা জাতিৰ স্বাভিমান বিহুক তেওঁলোকে অত্যন্ত বিকৃত ৰূপত উপস্থাপন কৰিব বিচাৰিছে । এই ঘটনা অতি দুৰ্ভাগ্যজনক । যোৰহাট হৈছে সাংস্কৃতিক ৰাজধানী আৰু সম্ভ্ৰান্ত লোকৰ ঠাই আৰু এই যোৰহাটৰ দৰে ঠাইত বিগবজাৰৰ এনে নিৰ্লজ্জ কৰ্মকাণ্ডৰ বাবে যোৰহাটবাসী ৰাইজ লজ্জানত হ'বলগীয়া ঘটনা কেতিয়াও মানি ল'ব নোৱাৰি ।

 

সেয়েহে আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনা, যোৰহাট মহানগৰ সমিতিৰ যৌথ উদ্যোগত বিগবজাৰত তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । ছাত্ৰ সন্থা আৰু অসম সেনাৰ স্পষ্ট মত , যেতিয়ালৈকে বিগ বজাৰৰ উৰ্দ্ধতম কৰ্তৃপক্ষই অসমবাসী ৰাইজৰ আগত কৰযোৰে ৰাজহুৱা ক্ষমা-প্ৰাৰ্থনা নিবিচাৰে আৰু কোনো স্থিতি স্পষ্ট নকৰে তেন্তে অনিৰ্দিষ্টকাললৈ বিগবজাৰ স্তব্ধ কৰি দিয়া হ'ব । লগতে প্ৰতিবাদস্থলীত বিগ বজাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অসম সেনা , যোৰহাট মহানগৰ সমিতিৰ উপদেষ্টা অৰূপ পূজাৰী আৰু মুখ্য সংগঠক ৰবি শংকৰ শৰ্মাই কয় , গ্ৰাহকক আমোদ দিবলৈ গৈ কেৱল ব্যৱসায়ৰ স্বাৰ্থত বিগ বজাৰ নামৰ বহুজাতিক প্ৰতিষ্ঠানটোৱে জাতিৰ স্বাভিমান , অসমীয়া বাপতিসাহোন বিহুক বিকৃত ৰূপত উপস্থাপন কৰা ঘটনা  এক অক্ষমণীয় অপৰাধ । বিগবজাৰৰ লগতে যিসমূহ অসম বিৰোধী চক্ৰই কেৱল ব্যক্তিগত মুনাফা ঘটাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখি বিভিন্ন সময়ত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক বিকৃত ৰূপ প্ৰদান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সেই সকলোকে আজি আছু-অসম সেনাই এনে কৰ্মৰ পৰা বিৰত থাকিবলৈ সকীয়নী প্ৰদান কৰাৰ লগতে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ আহ্বান জনাইছে ।