কৰ’নাৰ লৈ নিৰপেক্ষ তদন্তৰ বাবে একত্ৰিত ৬২ খন দেশ

কৰ’নাৰ লৈ নিৰপেক্ষ তদন্তৰ বাবে একত্ৰিত ৬২ খন দেশ

ক’ৰ পৰা আহিল কৰ’না ভাইৰাছ ? ইয়াৰ উৎপত্তিস্থল ক’ত ? এয়া মানুহৰ দ্বাৰা সৃষ্ট নেকি? জিনগতভাৱে এই বীজাণুৰ কোনো পৰিৱৰ্তন সাধন কৰা হৈছে নেকি? বিশ্বজুৰি ক’ভিড ১৯ ৰ সংক্ৰমণৰ পাছৰে পৰা বাৰম্বাৰ এই প্ৰশ্ন উত্থাপিত হৈছে যদিও সমগ্ৰ বিষয়টোক লৈ ৰহস্য অব্যাহত আছে । মহাশক্তিমান বুলি পৰিচিত আমেৰিকাই বাৰম্বাৰ দাবী কৰিছে যে ৰঙা চীনে সৃষ্টি কৰিছে এই কৰ’না ভাইৰাছ ৷ এয়ে নহয় চীনে তথ্য গোপনে কৰিছে । এই সন্দেহৰ আঁৰত আছে চীনত প্ৰথম সংক্ৰমণ হোৱাটো ৷চীনৰ উহানৰ এখন বজাৰৰ পৰা এই বীজাণু বিশ্বজুৰি বিয়পিছিল বুলি কোৱা হৈছে ।

আমেৰিকাৰ মতে চীনে গোপন পৰীক্ষাগাৰত প্ৰস্তুত কৰিছিল ক’ভিড-১৯ ৰ মাৰাত্মক বীজাণু ৷ইচ্ছাকৃতভাৱে ইয়াক তৈয়াৰ কৰি বিশ্বৰ বজাৰত মেলি দিছিল চীনে ৷ ইয়াৰ পাছত আকৌ চীনে ক’ভিড-১৯ৰ স’তে যুঁজিবলৈ স্বাস্থ্যকৰ্মীক ধৰি চিকিৎসা বীজাণুমুক্তকৰণ আদি পদ্ধতিত জড়িতসকলে ব্যৱহাৰ কৰা পি পিহই কিট বিশ্বজুৰি বিক্ৰী কৰি ধন ঘটিবলৈ আৰম্ভ কৰা বুলিও অভিযোগ উঠিছে ৷ প্ৰথমৰ পৰাই আমেৰিকাই প্ৰতি ক্ষুদ্ৰ কৰে আমেৰিকা ৷ তদুপৰি বিশ্বৰ আগশাৰীৰ বিভিন্ন দেশে চীনলৈ সন্দেহৰ প্ৰশ্ন উত্থাপন কৰি আহিছে ৷ বিভিন্ন দেশে চীনৰ পৰা বাণিজ্যিক কাৰ্যকলাপ সামৰিবলৈ আৰম্ভ কৰিছে । ইপিনে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰ’না ভাইৰাছ মানুহে সৃষ্টি কৰা নহয়৷ এই অভিযোগ তেওঁলোকে খাৰিজ কৰিছে ।

অৱশ্যে শেহতীয়াকৈ সংস্থাটোৱে কয় চীনৰ উহানৰ বজাৰৰ ভাইৰাছৰ স’তে নিবিড় সম্পৰ্ক আছে ৷ ইতিমধ্যে ভাৰতসহ ৬২ খন দেশে নিৰপেক্ষ তদন্তৰ বিষয়টোক লৈ এক খচৰা প্ৰস্তুত প্ৰস্তাৱ কৰিছে ।ইয়াত কোৱা হৈছে যে কৰ’না ভাইৰাছৰ সংকটক লৈ নিৰপেক্ষ, স্বাধীন আৰু বিতং তদন্তৰ প্ৰয়োজন আছে ৷ প্ৰয়োজনত সদস্য দেশসমূহৰ স’তে আলোচনা কৰি বিশ্ব স্বাস্থ্য সংস্থাক এই সন্দৰ্ভত সঠিক দিশ নিৰ্ণয় কৰাৰ আহ্বান জনোৱা হৈছে ৷

আনহাতে এই একত্ৰিত পদক্ষেপত তদন্তৰ বাবে ভাৰত, জাপান, ব্ৰিটেইন, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া, ব্ৰাজিল আৰু কানাডাৰ দৰে দেশে ৷ এই দেশসমূহে খচৰা প্ৰস্তাৱক সমৰ্থন জনাইছে। ইমানদিনে আমেৰিকাকে ধৰি দেশসমূহে কৰি অহা অভিযোগৰ পাছত এইবাৰ তদন্তৰ দাবী উত্থাপন হ’ল৷ অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী মেৰিছ পেইনে কৰ’না ভাইৰাছক লৈ নিৰপেক্ষ তদন্তত হুক চামিল কৰাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি কয়, “হুক কৰ’না ভাইৰাছৰ তদন্ত কৰিব দিয়াটো চিকাৰীক চিকাৰ বন্ধ কৰি বনাঞ্চলৰ তদাৰক কৰিব দিয়াৰ দৰে বিষয় ৷ বিগত বৰ্ষৰ নৱেম্বৰত চীনৰ হুৱেই প্ৰদেশৰ উহানত কৰ’নাৰ সংক্ৰমণ আৰম্ভ হয় ৷ উহান হৈ পৰে সংক্ৰমণৰ কেন্দ্ৰবিন্দু ৷ ইয়াৰ পাছত বিশ্বৰ ১৮৫ খন দেশত সেই সংক্ৰমণ বিয়পি পৰে।”