কাজিৰঙাত দুস্পাপ্য পিপলি চেং মাছ সহ এজনক আটক :

কাজিৰঙাত দুস্পাপ্য পিপলি চেং মাছ সহ এজনক আটক :
Aiidesh Photo
কাজিৰঙাত দুস্পাপ্য পিপলি চেং মাছ সহ এজনক আটক :

Aiidesh News : 20 July - 2024  : 

চোৰাংচোৱা তথ্যৰ আধাৰত যোৱা নিশা চলোৱা এক অভিযানত কাজিৰঙাৰ হালধীবাৰী খণ্ড বন কাৰ্যালয়ৰ সমীপতে ৰাষ্ট্ৰীয় পথত বনকৰ্মীয়ে  এ এছ 02 জে 4968 নম্বৰৰ এখন বগা ৰঙৰ হুণ্ডাই ইয়ন গাড়ী জব্দ কৰে ৷ গাড়ীখনৰ পৰা অভিযানকাৰী দলে চাৰিটা দুস্পাপ্য  জীৱিত চান্না বাৰ্কা বা পিপলি চেং মাছ উদ্ধাৰ কৰে । ঘটনাত জড়িত থকা অপৰাধত অভিযানকাৰী দলে কুঠৰীৰ নিৱাসী তইবুৰ ৰহমান ( ৩২)  ক আটক কৰিছে ৷ ঘটনাৰ সৈতে আৰু লোক জড়িত থকাৰ সম্ভাৱনা আছে আৰু এই সম্পৰ্কত অধিক তদন্ত চলাই আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই  ৷

পিপলি চেং বা চানা বাৰ্কা মাছ দেখাত চেঙেলি মাছৰ দৰে যদিও শৰীৰত থকা সুশোভিত ৰঙৰ বাবে আন্ত:ৰাষ্ট্ৰীয় বজাৰত এই মাছৰ চাহিদা বেছি ৷ একুৰিয়ামত সজাবৰ বাবে এই মাছ ক্ৰয় কৰা হয় ৷ এই মাছৰ ব্যৱসায় নিষিদ্ধ হোৱাৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তে এখন চোৰাং বজাৰ গঢ়ি উঠিছে,  য'ত এটা চানা বাৰ্কা মাছৰ মুল্য বহুত ৷ উল্লেখ্য যে ইয়াৰ পুৰ্বেও কাজিৰঙাত পিপলি চেং মাছৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত ভালেমান লোকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বন বিভাগে ৷ গঁড়ৰ খৰ্গৰ পিচতেই আন্ত: ৰাষ্ট্ৰীয় চাহিদাৰ বাবে চোৰাংচিকাৰীৰ লক্ষ্য হৈ পৰিছে কাজিৰঙাৰ পিপলি চেং মাছ ৷

**********