চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ দিনাই ভাৰতত লাখৰ ঘৰ চুলে কৰ’না আক্ৰান্তই

চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ দিনাই ভাৰতত লাখৰ ঘৰ চুলে কৰ’না আক্ৰান্তই

দেশত চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ প্ৰথম দিনটোতে কৰ’না সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰি সৃষ্টি কৰিলে আন এক অভিলেখ । দেশত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈছে ১০১,২৬১ জন, মৃত্যু হৈছে ৩,১৬৪, আৰু সুস্থ হৈ উঠিছে ৩৯,২৩৩ জন ৷ ২৪ ঘন্টাৰ বিৰতিতে ৫,২৪২ জন আক্ৰান্ত হয় ৷ বিগত ২৪ ঘন্টাত ১৫৮ জন লোকৰ মৃত্যু হৈছে  ৷ এই পৰ্যন্ত মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৫ হেজাৰৰো অধিক লোক সংক্ৰমিত হৈছে, মৃত্যু হৈছে ১২৪৯ জনৰ ৷ তামিলনাডু আৰু গুজৰাটত ১১ হেজাৰৰো অধিক, দিল্লীত ১০ হেজাৰৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে ।

দেশত প্ৰথমটো সংক্ৰমণৰ ঘটনা ধৰা পৰা ৰাজ্য কেৰালাত পৰিস্থিতি যথেষ্ট নিয়ন্ত্ৰণাধীন হৈ আছে ৷ কেৰালাত এই পৰ্যন্ত ৬৩১ জন লোক আক্ৰান্ত হৈছে আৰু চাৰিজনৰ মৃত্যু হৈছে  ৷ কৰ্ণাটক, বিহাৰ, জম্মু-কাশ্মীৰ, পশ্চিম বংগ আদি ৰাজ্যত বিগত ২৪ ঘন্টাৰ ভিতৰত প্ৰতিখন ৰাজ্যত সহস্ৰাধিক আক্ৰান্ত হৈছে । ইপিনে ছত্তিছগড়, লাডাখ, আন্দামান নিকোবৰ, গোৱা, পণ্ডিচেৰী, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, দাদৰা আৰু নগৰ হাভেলী, ডমন আৰু ডিউ আদিত এজনো লোকৰ প্ৰাণনাশ হোৱা নাই।