গোলাঘাটত এগৰাকী প্ৰসূতিয়ে যুঁজিছে ক'ৰোণাৰ সৈতে

গোলাঘাটত এগৰাকী প্ৰসূতিয়ে যুঁজিছে ক'ৰোণাৰ সৈতে

এফালে দেহত মাৰাত্মক কৰ'না আনফালে মাতৃত্বৰ বোজা।গোলাঘাটৰ কভিড চিকিৎসালয়ত  এগৰাকী প্ৰসূতিয়ে যুঁজিছে কভিড ১৯ ৰ বিৰুদ্ধে। প্ৰসূতি গৰাকীৰ স্বামীও সেই একেই পৰিস্থিতি।সম্প্ৰতি দুয়ো চিকিৎসাধীন গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কভিড চিকিৎসালয়ত।উল্লেখযোগ্য যে উক্ত দম্পতী  বিগত তিনি বছৰ ধৰি চেন্নাইৰ ষ্টীল ফেক্টৰীত কৰ্মৰত দুয়ো।ঘৰ গোলাঘাট জিলাৰ সীমান্ত গাওঁ পঞ্চায়তৰ অন্তৰ্গত হিড়িম্বাপুৰ গাঁৱত।এতিয়া পতি পত্নী দুয়োৰে দেহত কভিড পজিটিভ।চেন্নাই শ্ৰমিক এক্সপ্ৰেছ যোগে আহি গোলাঘাটত পৰীক্ষাৰ অন্তত নিশ্চিত হয় এই কথা।কিন্তু মহেশ ভূমিজৰ পত্নী জেউতি ভূমিজ বৰ্তমান অন্ত:স্বত্বা। এফালে দেহত মহামাৰী কৰ'না আনফালে মাতৃত্বৰ বোজা লৈ এতিয়া এনেদৰেই ইদিনৰ পিছত সিদিন পাৰ কৰিবলগীয়া হৈছে কভিড চিকিৎসালয়ত।অৱশ্যে প্ৰসূতি জেউতিৰ খোৱা বোৱাৰ ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনে কৃপনালি কৰা নাই।জেউতিক যোগান ধৰা হৈছে প্ৰসূতি কালৰ উপযোগী সকলো  খাদ্য সামগ্ৰীৰ ।