ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ আহ্বানত ক্ষুধা নিৱাৰণ কৰক, ক'ৰণা ধ্বংস কৰক শীৰ্ষক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন :

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ আহ্বানত ক্ষুধা নিৱাৰণ কৰক, ক'ৰণা ধ্বংস কৰক শীৰ্ষক প্ৰতিবাদ কাৰ্যসূচী  ৰূপায়ন :
Photo : Uttam Saikia

AIIDESH NEWS : 27 April :

লগ ডাউনৰ মাজতে সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ আহ্বান ক্ৰমে সোমবাৰৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত "ক্ষুধা নিবাৰণ কৰক, ক'ৰণা ধ্বংস কৰক " শীৰ্ষক প্ৰতিবাদৰ প্ৰচাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়  | এই সম্পৰ্কত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ  সাধাৰণ সম্পাদক তথা মাইক্ৰফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই আজি এক প্ৰেছ বিজ্ঞপ্তি জড়িয়তে জনায় ৷ সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ এই প্ৰেছ বিবৃতিত লক ডাউনৰ পৰিপ্ৰেক্ষিতত ৰেচন কাৰ্ড নথকা সকলো পৰিয়ালক ৰেচন প্ৰদান কৰা, কৃষি কৰ্মক "এম জি এনৰেগাৰ" লগত যুক্ত কৰা, সকলো দৰিদ্ৰ পৰিয়ালক দহ হাজাৰ টকাকৈ লকডাউন ভাট্টা প্ৰদান কৰা, মাইক্ৰফাইনেঞ্চকে ধৰি সকলো ঋণ মাফ দিয়া আৰু ৰেচনৰ তালিকাত কণী, নিমখ, মিঠাতেল, চেনী, দাইল যুক্ত কৰাৰ বাবে চৰকাৰক দাবী জনায় | ৰাজ্য খনৰ দহখন জিলা ক্ৰমে গোৱালপাৰা, মৰিগাওঁ, নগাঁও, হোজাই, গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আৰু হাইলাকান্দিৰ শতাধিক গাঁৱত সোমবাৰৰ দিনা এই কাৰ্যসুচী  ৰূপায়ণ কৰা হয় বুলিও প্ৰেছ বিবৃত্তি উল্লেখ কৰা হয় ৷   সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ এই কাৰ্যসুচীত মাইক্ৰফাইনেঞ্চ শোষণ বিৰোধী মঞ্চৰ গ্ৰাম্য অৰ্থনীতিৰ সুৰক্ষা মঞ্চ লগতে জীপাল কৃষক শ্ৰমিক সংঘ , গোৱালপাৰা কৃষ্ণাইৰ ঠেলা মুটিয়া শ্ৰমিক সন্থা, কৃষক গৰীৱ ন্যায় সন্থা, অসম, মজুৰী শ্ৰমিক ইউনিয়ন, প্ৰতিবাদী সজাগতা মহিলা মঞ্চ, খিলঞ্জীয়া গণমঞ্চ, সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সদৌ, অসম প্ৰগতিশীল নাৰী অধিকাৰ সংগ্ৰাম সমিতিক,অসম ছাত্ৰ যুৱ সন্মিলনকে ধৰি কেইবাটাও সংগঠনে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে |