বোকাখাতত ৭ আগষ্টত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস : এই সম্পৰ্কতে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী ইউ জি ব্ৰহ্মৰ উপস্থিতিত প্ৰস্তুতি বৈঠক :

বোকাখাতত ৭ আগষ্টত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস : এই সম্পৰ্কতে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী ইউ জি ব্ৰহ্মৰ উপস্থিতিত প্ৰস্তুতি বৈঠক :
Janasonyug

Aiidesh News  : 24 July 2023  :

চলিত বৰ্ষৰ ৭ আগষ্টত বোকাখাত মহকুমাত অসম চৰকাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব ৷ এই দিৱসৰ প্ৰস্তুতিৰ বাবে আজি  বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা, হস্ততাঁত আৰু বস্ত্ৰ শিল্প মন্ত্ৰী ইউ জি ব্ৰহ্মৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সচিব দিলীপ বৰা, গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ উদয় প্ৰবীণ, অতিৰিক্ত জিলা আয়ুক্ত তথা বোকাখাত মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱ প্ৰমুখ্যে জিলা উন্নয়ন আয়ুক্ত, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অন্যান্য বিষয়া আৰু জিলা তথা মহকুমা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে ।

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস এই কাৰ্যসুচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৷ উক্ত দিৱসৰ  সমুহ কাৰ্যসুচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ল'বলগীয়া সকলো পদক্ষেপ আৰু ব্যৱস্থাৱলীৰ সৱিশেষ বৈঠকত বিশদভাৱে আলোচনা কৰা হয় । বৈঠকত গোলাঘাট জিলা তথা বোকাখাত মহকুমা প্ৰশাসনে পালন কৰিবলগীয়া দায়িত্বসমূহ নিখুঁতভাৱে কাৰ্যকৰীকৰণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশনাও দিয়া হয় ।

বৈঠকৰ শেষত কৃষি মন্ত্ৰী অতুল বৰা আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী  ঊৰ্খাও গৌড়া ব্ৰহ্মই উচ্চ পদস্থ বিষয়াৰে ৭ আগষ্টত বোকাখাতত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ ৰাজ্যিক আয়োজনস্থলী পৰিদৰ্শন কৰে ।

*******