যােৰহাট মেডিকেল কলেজলৈ যােৰহাট এয়াৰপৰ্ট অথ’ৰিটি ৯ লাখ, ৮১ হাজাৰ ৪ শ টকাৰ অনুদান

যােৰহাট মেডিকেল কলেজলৈ যােৰহাট এয়াৰপৰ্ট অথ’ৰিটি ৯ লাখ, ৮১ হাজাৰ ৪ শ টকাৰ অনুদান

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কভিড-১৯,ৰ  সংক্রমণ ৰােধৰ বাবে যােৰহাট মেডিকেল কলেজলৈ যােৰহাটৰ এয়াৰপৰ্ট অথৰিটিয়ে ৯ লাখ ৮১ হাজাৰ ৪শ  টকাৰ আর্থিক সাহাৰ্য আগবঢ়াইছে। আজি এয়াৰপৰ্ট অথ’ৰিটিৰ সঞ্চালক কৃষ্ণ কুমাৰে জিলা উপায়ুক্ত ৰশ্মি অপজ্ঞি কৰাটীৰ হাতত ৯ লাখ ৮১ হাজাৰ ৪ শ টকাৰ চেক অর্পণ কৰে।

কভিড-১৯ সংক্রমণ ৰােধৰ ক্ষেত্ৰত যােৰহাট মেডিকেল কলেজত নিয়ােজিত স্বাস্থ্য কর্মী সকলৰ বাবে PPE Kit(Personal Protective Equipment),এন ৯৫ মাৰ্ক্স আদি অন্যান্য  প্রয়ােজনীয় সামগ্রী আৰু কভিড-১৯ৰ বাবে ব্যৱহৃত প্রয়ােজনীয় সামগ্রী ক্রয় কৰাৰ বাবে এই ধনৰাশি যােৰহাট  মেডিকেল কলেজৰ অধ্যক্ষৰ নামত আগবঢ়ায় ।

মহামাৰী ৰূপ লোৱা  কভিড-১৯ৰ বিৰুদ্ধে হােৱা যুঁজখনৰ বাবে আগবঢ়োৱা ধনৰাশিৰ বাবে জিলা উপায়ুক্তই এয়াৰপৰ্ট অথৰিটিক ধন্যবাদ জ্ঞাপন কৰে। এই অনুদান আগবঢ়োৱাৰ সময়ত উপায়ুক্তৰ কার্যালয় কক্ষত স্বাস্থ্য বিভাগৰ নডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, সহকাৰী আয়ুক্ত আদিত্য বিক্রম যাদৱ উপস্থিত থাকে ।