আধুনিক বোকাখাতৰ নিৰ্মাতা চিদানন্দ শইকীয়াৰ ১০৬ সংখ্যক জন্ম দিৱস উদযাপন : কবি অজিত গগৈলৈ জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা :

আধুনিক বোকাখাতৰ নিৰ্মাতা চিদানন্দ শইকীয়াৰ ১০৬ সংখ্যক জন্ম দিৱস উদযাপন : কবি অজিত গগৈলৈ জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা :
Aiidesh photo
আধুনিক বোকাখাতৰ নিৰ্মাতা চিদানন্দ শইকীয়াৰ ১০৬ সংখ্যক জন্ম দিৱস উদযাপন : কবি অজিত গগৈলৈ জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা :
আধুনিক বোকাখাতৰ নিৰ্মাতা চিদানন্দ শইকীয়াৰ ১০৬ সংখ্যক জন্ম দিৱস উদযাপন : কবি অজিত গগৈলৈ জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা :

Aiidesh News : 10 October 2025  :

আধুনিক বোকাখাতৰ নিৰ্মাতা, বোকাখাতত সাহিত্য সভাৰ প্ৰতিষ্ঠাপক, বোকাখাতৰ সাংবাদিকতাৰ বাটকটীয়া, জনসুহৃদ চিদানন্দ শইকীয়াৰ ১০৬ সংখ্যক জন্ম দিৱস আজি যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ৷ বোকাখাতৰ পুৱতি সাহিত্য সভা, যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু অসমীয়া বিভাগৰ সহযোগত আয়োজিত এই জন্ম দিৱসৰ আজিৰ পুৱাৰ কাৰ্যসুচীত প্ৰয়াত চিদানন্দ শইকীয়াৰ প্ৰতিছবিত বন্তি প্রজ্বলন কৰে পুৱতি সাহিত্য সভাৰ প্রাক্তন সভাপতি অপূর্ব বৰদলৈ আৰু মনোৰঞ্জন সেনে ৷ প্ৰতিছবিত মাল্য অর্পণ কৰে যোগানন্দ দেব সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° মনালিছা বৰগোঁহায়ে ৷ স্মৃতি তর্পণ কৰে পুৱতি সাহিত্য সভাৰ প্রাক্তন সভাপতি সুৰেন্দ্ৰ নাথ গগৈ আৰু পুৱতি সাহিত্য সভাৰ উপ সভাপতি দিলীপ শইকীয়াই ৷

পৰৱৰ্তী সময়ত পুৱতি সাহিত্য সভা আৰু জনসুহৃদ চিদানন্দ শইকীয়া ন্যাস পৰিচালনা সমিতিৰ সভাপতি গোপিকানন্দ শইকীয়াৰ পৌৰহিত্যত চিদানন্দ শইকীয়াৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ উদ্বোধন কৰে যোগানন্দ দেব সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ অধ্যক্ষ  ড° জয়ন্ত গগৈয়ে  ৷ এই অনুষ্ঠানতে অসমৰ বিশিষ্ট কবি তথা বাদুলীপাৰ হাইস্কুলৰ শিক্ষক অজিত গগৈক জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানত পুৱতি সাহিত্য সভাৰ প্রাক্তন সভাপতি নিজৰা বৰঠাকুৰ আৰু কল্পনা চেতিয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুৱর্ণ শইকীয়া বৰদলৈ আৰু পুৱতি সাহিত্য সভাৰ প্রাক্তন সম্পাদক গীতাঞ্জলি কলিতা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ৷ 

উল্লেখ্য শিক্ষাবিদ চিদানন্দ শইকীয়া আছিল আধুনিক বোকাখাতৰ খনিকৰ ৷ চিদানন্দ শইকীয়া ১৯৪৩-৪৫ চনৰ অসম ছাত্র ফেডাৰেচনৰ সাধাৰণ সম্পাদক পদত থকাৰ উপৰিও ১৯৭৯ চনত অসম চৰকাৰৰ কৃৰ্তি শিক্ষকৰ বঁটা লাভ কৰিছিল ৷ মার্ক্সবাদী চিন্তাধাৰাৰ বাহক জনসুহৃদ চিদানন্দ শইকীয়া প্রগতিশীল শিল্পী সাহিত্যিক সংঘৰ অন্যতম প্রতিষ্ঠাপক সদস্যও আছিল ৷ তেখেতে 'সত্যাগ্রহী', 'জুয়ে পোৰা সোণ', 'ৰঙচুৱা পৃথিবীৰ সেউজীয়া বোল' আদি বিভিন্ন গ্রন্থ লিখি অসমীয়া সাহিত্যলৈ অৱদান দি যোৱাৰ উপৰিও ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰি ছোভিয়েট দেশলৈ আমন্ত্ৰিত হৈছিল ৷ আজি সন্ধিয়ালৈ বোকাখাতৰ জনসুহৃদ চিদানন্দ শইকীয়া স্মৃতি উদ্যানত বান্ধৱ - ৭৭ ৰ বিশেষ সহযোগত বন্তি প্রজ্বলনেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আজি অনুষ্ঠান সামৰা হয়  ৷

**********