জাগীৰোডত বিনষ্ট শুকান মাছ

জাগীৰোডত  বিনষ্ট শুকান  মাছ
বিনষ্ট শুকান মাছ

দেশত অব্যাহত থকা ২১ দিনীয়া লকডাউনৰ ফলত ভীষণ লোকচানৰ সন্মুখীন হৈছে শুকান মাছৰ ব্যৱসায়ীসকল৷ বহিঃৰাজ্যৰ পৰা আহি দীর্ঘদিন আবদ্ধ হৈ থাকিবলগীয়া হোৱাত ট্রাকতে পচিবলৈ ধৰিছে কোটি টকাৰ শুকান মাছ৷ জাগীৰোডৰ পৰা নাতিদূৰৈত শিলচাংস্থিত ট্রাক টার্মিনেলত আবদ্ধ হৈ আছে প্রায় ২০২৫খন শুকান মাছভর্তি ট্রাক৷

এই ট্রাকসমূহ গুজৰাট, মহাৰাষ্ট্র, অন্ধ্র প্রদেশ আদিৰ পৰা লকডাউনৰ প্রথম ভাগতে আহিছিল জাগীৰোডৰ বৃহৎ শুকান মাছৰ বজাৰলৈ৷ কিন্তু কৰ’না মহামাৰীৰ বাবে দেশত লকডাউন ঘোষণা হোৱাৰ ফলত ট্রাকসমূহৰ পৰা ব্যৱসায়ীসকলে আনলোড কৰিব নোৱাৰিলে শুকান মাছসমূহ৷ ইফালে দীর্ঘদিন এইদৰে আবদ্ধ হৈ থাকিবলগীয়া হোৱাত সম্প্রতি অনাহাৰ-অনিদ্রাৰে দিন পাৰ কৰিবলগীয়া হৈছে বহিঃৰাজ্যৰ পৰা অহা এইসকল চালক, হেণ্ডিমেনে৷

প্রায় পোন্ধৰ দিন পূর্বেই জাগীৰোডত আহি প্রৱেশ কৰা প্রায় ৫০জনীয়া চালক, হেণ্ডিমেনসকলক স্বাস্থ্য বিভাগে কৰ’না ভাইৰাছৰ সন্দেহত স্বাস্থ্য পৰীক্ষাও কৰিছিল৷ কিন্তু তেওঁলোকৰ দেহত তেনে কোনো লক্ষণ ধৰা নপৰিল৷ এনে প্রেক্ষাপটত এতিয়া ভোকে-লঘোণে দিন অতিবাহিত কৰিছে এইসকল চালক, হেণ্ডিমেন তথা শুকান মাছৰ ব্যৱসায়ীয়ে৷

সেয়ে তেওঁলোকে প্রশাসন তথা সংশ্লিষ্ট কর্তৃপক্ষক এই সন্দর্ভত চিন্তা-চর্ কৰি শুকান মাছভর্তি ট্রাকসমূহ খালী কৰি নিজ ৰাজ্যলৈ উভতি যাবলৈ অনুমতি বিচাৰিছে৷