ফৰাচী দেশৰ ইণ্ডো-পেচিফিক উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদায়ীত্ব গোটৰ বিশেষজ্ঞৰ দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন :

ফৰাচী দেশৰ ইণ্ডো-পেচিফিক উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদায়ীত্ব গোটৰ বিশেষজ্ঞৰ দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন  :
Aiidesh Photo
ফৰাচী দেশৰ ইণ্ডো-পেচিফিক উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদায়ীত্ব গোটৰ বিশেষজ্ঞৰ দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন  :

Aiidesh News  :  24 November 2023  :

ফ্ৰান্সৰ ইণ্ডো-পেচিফিক উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদায়ীত্ব গোটৰ এটা সঁজাতি দলে তিনিদিনীয়া ভ্ৰমনসুচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে ৷ ২২ নবেম্বৰত কাজিৰঙালৈ অহা এই সঁজাতি দলৰ বিভাগীয় ভ্ৰমনসুচী ২৪ নবেম্বৰত সামৰণি পৰে । ইণ্ডো-পেচিফিক উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদায়ীত্বৰ এই গোট হৈছে ফৰাচী চৰকাৰৰ উন্নয়ন সংস্থা, ফৰাচী আন্তঃৰাষ্ট্ৰীয় বন সেৱা আৰু অসম বন বিভাগৰ মাজত হোৱা এক ত্ৰিপাক্ষিক সহযোগিতাৰ এক বিশেষ গোট ৷ এই সহযোগিতাৰ অধীনতে সঁজাতি দলেটোৰ বিশেষজ্ঞৰ দলে ২২, ২৩ আৰু ২৪ নবেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমন কৰে ৷ এই উপলক্ষে ২২ নৱেম্বৰত এক বিশেষ মত বিনিময় অনুষ্ঠানেৰে কাজিৰঙাত উক্ত সঁজাতি দলৰ ভ্ৰমণসুচী  আৰম্ভ  কৰা হয় । 

এই অনুষ্ঠানতে সঁজাতি দলৰ প্ৰতিনিধি সকলক আনুষ্ঠানিকভাৱে আদৰণি জনায় অসমৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বনসংৰক্ষক, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু বন তথা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ-২ ৰ অসম প্ৰকল্পৰ প্ৰকল্প সঞ্চালক সন্দীপ কুমাৰে । অসমৰ প্ৰধান মুখ্য বনসংৰক্ষক আৰু প্ৰধান বনবল এম কে যাদৱৰ পৌৰহিত্য অনুষ্ঠিত এই অনুষ্ঠানতে বিষয়া গৰাকীয়ে অসমৰ জৈৱ বৈচিত্ৰ্য আৰু বন সম্পদৰ অসাধাৰণ সমৃদ্ধি, ইয়াৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত ভিতৰত আছিল অ'এন এফ আই, ফ্ৰান্সৰ চি আই আৰ এ ডি আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিনিধি সকলৰ লগতে ৰাজস্থান বন বিভাগৰ বিষয়াৰ এটা দল আৰু অসম বন বিভাগৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে ৷

উক্ত অনুষ্ঠানত ইণ্ডো-পেচিফিক উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদায়ীত্ব গোটৰ সঁজাতি দলটোৰ ফৰাচী প্ৰতিনিধি সকলে দক্ষিণ আফ্ৰিকা আৰু ৰাজস্থানত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে হাতত লোৱা বিভিন্ন কৰ্ম পদ্ধতিৰ বাখ্যা কৰাৰ বিপৰীতে অসমৰ বন বিষয়া সকলে অসমত কাৰ্যকৰী কৰা বন্যপ্ৰাণী সংৰক্ষণ ব্যৱস্থাৰ পৰা তেওঁলোকৰ অন্তৰ্দৃষ্টি আৰু ধাৰণা বিষয়ে অৱগত কৰিছিল ৷ 

সঁজাতি দলটোয়ে ২৩ আৰু ২৪ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন স্থানলৈ ক্ষেত্ৰ ভ্ৰমণৰ বাবে যায় আৰু পৰ্যবেক্ষণ কৰে ৷ ক্ষেত্ৰ ভ্ৰমনৰ সময়ত সঁজাতি দলটোয়ে কাজিৰঙাৰ বন কৰ্মী, মহিলা বনকৰ্মী আৰু  বন কৰ্মচাৰীৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকৰ অভিজ্ঞতাৰো বুজ লয় ৷ এই ভ্ৰমন কালত সঁজাতি দলটোয়ে কাজিৰঙাৰ পৰিচালনা, দ্বন্যপ্ৰাণী সংৰক্ষণৰ বিভিন্ন ব্যৱস্থাৱলী, ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটি আৰু আৰ্দ্ৰতা সংৰক্ষণৰ বাবে লোৱা ব্যৱস্থা, ড্ৰোন-আধাৰিত নিৰীক্ষণ, বন্যপ্ৰাণীৰ জনসংখ্যা আচৰণ নিৰীক্ষণৰ বাবে ব্যৱহৃত কেমেৰা ট্ৰেপিং ব্যৱস্থা আদি পৰিদৰ্শন কৰে । সঁজাতিৰ দলটোয়ে বুঢ়াপাহাৰ বনাঞ্চলৰ নতুন ডাংগা গাওঁৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সদস্য সকলৰ সৈতেও বাৰ্তালাপ কৰে ৷ নতুনডাংগা গাওঁত কাজিৰঙাৰ কৰ্তৃপক্ষৰ পৰিচালনাত সমৰ্থিত জীৱিকা বৃদ্ধিৰ পদক্ষেপ হিচাবে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সদস্য সকলে গঢ়ি তোলা চোৰান আহেম নামৰ কাৰ্বি জনগোষ্ঠীয় খাদ্যৰ বিপনিও সঁজাতি দলটোয়ে পৰিদৰ্শন কৰে ।

২৪ নবেম্বৰৰ দিনা ফৰাচী বিশেষজ্ঞৰ এই দলটোয়ে ব্ৰহ্মপুত্ৰৰ জলপথৰে  জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান  আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানক জলপথেৰে বন্যপ্ৰাণী যাতায়তৰ বাবে হ'ব পৰা সম্ভাব্য দৃশ্যপটৰো বুজ লয় ৷ বিয়লি শিলঘাটৰ ভোমোৰাগুৰি পৰিদৰ্শন বাংলোত আনুষ্ঠানিক ভাৱে ইণ্ডো-পেচিফিক উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদায়ীত্বৰ সঁজাতি দলৰ ভ্ৰমণ সামৰণি পৰে ৷ ইণ্ডো-পেচিফিক উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদায়ীত্বৰ উচ্চ স্তৰীয় সঁজাতি দলৰ এই ভ্ৰমনে সামগ্ৰিকভাৱে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশত ভাৰত আৰু ফ্ৰান্সৰ মাজত অংশীদাৰীত্ব আৰু অধিক শক্তিশালী কৰিব   বুলি মত প্ৰকাশ কৰে অসমৰ বন বিভাগে ৷

*******