তিনিচুকীয়ত লোহা ফেক্টৰীত হঠাৎ উপস্থিত মন্ত্ৰী সঞ্জয় কিশান

তিনিচুকীয়ত লোহা ফেক্টৰীত হঠাৎ উপস্থিত মন্ত্ৰী সঞ্জয় কিশান

অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিশানে আজি তিনিচুকীয়াৰ কেইবাটাও উদ্যোগৰ কাৰখানাত হঠাৎ উপস্থিত হৈ কাৰখানা সমূহে কভিড ১৯ ৰ ক্ষেত্ৰত চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি চলিছে নে নাই তাক পৰ্যবেক্ষণ কৰে । 
প্ৰথমে লোনপুৰীয়াস্থিত ধনশিৰী স্টীল প্ৰা লিমেটেড উপস্থিত হয় । এই ফেক্টৰীটোৱে কভিড ১৯ পটকল উলংঘা কৰি ৰখা নাই হেন্ড চেনিটাজাৰ , পানী আৰু  ৬০ জন কৰ্মচাৰীয়ে পৰিধান কৰা নাই মাস্ক আৰু  শ্ৰমিক সকলে পৰিধান কৰা নাই হেণ্ড গ্লভছ আৰু জোতা । উপৰোক্ত প্ৰতিষ্ঠানটোৱে ব্যৱহাৰ কৰিছে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰ । আইন মতে ৰন্ধন গেচৰ ঘৰুৱা চিলিণ্ডাৰ আন কামত ব্যৱহাৰ কৰাটো অপৰাধ । কিন্তু সকলোকে মেনেজ কৰি এনেদৰেই চলাই আহিছে বৃহৎ একোটা ফেক্টৰী । 

আনহাতে এম এছ দোলাৰী প্ৰা লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে  আগতীয়াকৈ মন্ত্ৰী অহাৰ খবৰ পাই সকলো কৰ্মচাৰীক পঠিয়াই দিয়ে তাৰে  ৩ জন কৰ্মচাৰীয়ে জানিব দিয়ে যে অকনমান সময় আগতে বন্ধ কৰিছে ফেক্টৰীটো ।

ৰংপুৰীয়া অৱস্থিত ভাৰত ষ্টিলত উপস্থিত হয় ফেক্টৰীটোত চেনিটাইজাৰ  ৰখা হৈছে যদিও কৰ্মচাৰীৰ কিছু সংখ্যকে মাস্ক ব্যৱহাৰ কৰা নাই আৰু শ্ৰমিক সকলে পৰিধান কৰা নাই হেণ্ড গ্লভছ আৰু জোতা ।  
তাৰপাছত মাকুম পথৰ শ্ৰী মেটেল ইণ্ডাষ্টিত উপস্থিত হৈ তাত কৰ্মৰত অৱস্থাত এজন শিশু শ্ৰমিকক দেখা পাই আৰু এই ফেক্টৰীটোত আপত্তিজনক ইলেক্ট্ৰিক তাঁৰ দেখি খংত অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰী গৰাকী ।
 মন্ত্ৰী ৰ লগতে উপস্থিত থাকে তিনিচুকীয়া শ্ৰম বিভাগৰ এটা দল, আৰু কাৰাখানা পৰিদৰ্শক । দুয়োট বিভাগেই প্ৰতিষ্ঠান কেইটাৰ নথি পত্ৰৰ লগতে নিয়ম উলংঘা কৰা সকলো দিশ পৰ্যবেক্ষণ কৰিছে আৰু নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব ।