সৰ্প দংশনত বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত গঁড় পোৱালীৰ মৃত্যু :

সৰ্প দংশনত বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত গঁড় পোৱালীৰ মৃত্যু  :
Aiidesh Photo

Aiidesh News : 25 September :

পবিতৰা অভয়াৰণ্যৰ পৰা ১৫ ছেপ্তেম্বৰত উদ্ধাৰ কৰি বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা এটা মাতৃহাৰা গঁড় পোৱালীৰ ২৩ ছেপ্তেম্বৰৰ নিশা সৰ্প দংশনত মৃত্যু হয় ৷ দুমহীয়া মাইকী গঁড় পোৱালীটোক ১৫ ছেপ্তেম্বৰৰ পৰা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলাৰ পিচত যোৱা নিশা সৰ্প দংশনত কৰুণভাৱে মৃত্যুক সাৱতি লয় ৷ 

কেন্দ্ৰৰ পৰিচালক তথা জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে জনোৱা মতে ৷ নিশা গাখীৰ খোৱাবৰ সময়তেই বিষাক্ত ফেটী সাপে কামোৰে গঁড় পোৱালীটোক ৷ সৰ্প দংশনৰ ফলতেই নিশাই গঁড় পোৱালীটোয়ে মৃত্যুক সাৱতি লয় ৷ ২৪ ছেপ্তেম্বৰৰ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' অৰুন বিঘ্নেশ, বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল আৰু বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকাৰ উপস্থিতিত মৃত গঁড় পোৱালীটোৰ মৰোনোত্তৰ পৰীক্ষাৰ কৰি সৎকাৰ কৰা হয় ৷ মৰোনোত্তৰ পৰীক্ষাত মৃত গঁড় পোৱালীটোৰ মুখ বিষাক্ত সাপে দংশন কৰাৰ চিহ্নও প্ৰত্যক্ষ কৰে পশু চিকিৎসকে ৷

উল্লেখ যে পবিতৰাত উদ্ধাৰ হোৱা দুমহীয়া গঁড় পোৱালীটো মাকৰ সৈতে লগ লগাই দিবৰ বাবে চেষ্টা কৰিও বনকৰ্মী সকল বিফল হোৱাৰ পিচত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল ৷ কেন্দ্ৰত বিগত এটা সপ্তাহৰ প্ৰতিপালনত সুস্থ হৈ উঠা গঁড় পোৱালীটোৰ মৃত্যুৰ ঘটনাই কেন্দ্ৰত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ৷

*******