সামাজিক মাধ্যমৰ প্ৰচাৰেই পৰিবৰ্তন আনিলে বোকাখাতৰ বিকি বৰাইকৰ জীৱনলৈ : বোকাখাতৰ সাংবাদিকৰ উদ্যোগত কৃত্ৰিম অংগ সংস্থাপনেৰে এতিয়া লাভ কৰিব নতুন জীৱন :

সামাজিক মাধ্যমৰ প্ৰচাৰেই পৰিবৰ্তন আনিলে বোকাখাতৰ বিকি বৰাইকৰ জীৱনলৈ  :  বোকাখাতৰ সাংবাদিকৰ উদ্যোগত কৃত্ৰিম অংগ সংস্থাপনেৰে এতিয়া লাভ কৰিব নতুন জীৱন  :
Aiidesh Photo

সামাজিক মাধ্যমৰ প্ৰচাৰেই পৰিবৰ্তন আনিলে বোকাখাতৰ বিকি বৰাইকৰ জীৱনলৈ  :  বোকাখাতৰ সাংবাদিকৰ উদ্যোগত কৃত্ৰিম অংগ সংস্থাপনেৰে এতিয়া লাভ কৰিব নতুন জীৱন  : 

Aiidesh News  : 4 August 2023  : 

বোকাখাত মহকুমাৰ লখৌজানত থকা ঘগৰা জানৰ সমীপৰ দ' ৰজাবাৰীৰ নিৱাসী বিকি বৰাইকে ২০০৯ চনতে এক পথ দুৰ্ঘটনাত বাওঁ ভৰিটো হেৰুৱাব লগীয়া হৈছিল । অঞ্চলটোৰ এখন বিস্তৃৰ্ণ পথাৰৰ মাজত বসবাস কৰি থকা বিকি বৰাইকৰ ঘৰ আৰু ঘৰলৈ যোৱা পথৰ অৱস্থা একেবাৰে বিধস্ত । দুৰ্ঘটনাৰ সময়ত পৈতৃক সম্পত্তিৰ সামান্য মাটি ডৰা বন্ধকত থৈ বিকি বৰাইকে তেওঁৰ চিকিৎসা কৰাইছিল ৷ দুৰ্ঘটনাত  ভৰিটো হেৰুৱাৰ পিচত বিকি বৰাইকৰ জীৱনলৈ নামি আহে অন্ধকাৰ ৷ তথাপিও এখন ভৰিৰে চলাই গৈছে জীৱন সংগ্ৰাম । পেঙত ভৰি দি আনৰ পথাৰত কোৰ মাৰি , হাজিৰা কৰি,পৰিয়াল পোহ পাল দি আহিছিল । 

যি সময়ত ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ ডাক ঢোল কোবাই আহিছে তেনে সময়ত বিকি বৰাইকক আজিলৈকে এখনো চৰকাৰী আঁচনিয়ে  ঢুকি নেপালে ৷ আনকি ভোটৰ অংকত ৰাজনৈতিক হিতাধিকাৰী নিৰ্মান আঁচনি সমুহৰ পৰাও বঞ্চিত হৈ ৰ'ল বিকি বৰাইক ৷ বিকি বৰাইকে আজিও নেপালে চৰকাৰী আৱাস যোজনাৰ গৃহ, অনাময় আঁচনিৰ শৌচাগাৰ, নাই উজ্বলা গেছ, বিশুদ্ধ পানীৰ সুবিধা অথবা বিদ্যূতৰ চৰকাৰী পোহৰ ৷ ৰেচন কাৰ্ড এখন আছিল যদিও ৯ মাহৰ আগতে  অজ্ঞাত কাৰণত বন্ধ কৰি দিয়া হ'ল এই ৰেচন কাৰ্ড । 

এটা ঘৰৰ বাবে চাৰি বছৰ এখন ভৰিৰেই বোকাখাতৰ ৰজাবাৰী পঞ্চায়তত তাতঁ বাটি কৰি আহিছে বিকি বৰাইকে ৷ নাই কোনো সঁহাৰি ৷ বিকি বৰাইকৰ মতে ৰাজাবাৰী পঞ্চায়তত ঘৰ থকা, ঘৰ সাঁজিব পৰা বহু লোকে চৰকাৰী ঘৰ পাইছে । এই চৰকাৰী ঘৰবোৰ এই সকল আঢ্যৱন্ত হিতাধিকাৰীয়ে এতিয়া নিজৰ গুডাম   হিচাপে ব্যৱহাৰ কৰিছে । কিন্তু পঞ্চায়তলৈ তাঁত বাটি কৰিও এটা চৰকাৰী গৃহৰ পৰা আজিও বঞ্চিত হৈ ৰ'ল বিকি বৰাইক । বিকি বৰাইকে জনোৱা মতে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ বাসগৃহলৈ দুবাৰকৈ গৈছিল যদিও কোনো সহাঁৰি তেওঁ নাপালে । 

পথাৰৰ মাজত থকা বিকি বৰাইকৰ জুপুৰীটোলৈ যোৱাৰ কোনো সুচল পথ নাই ৷ পথাৰৰ আলিৰে পেঙত ভৰ দি এটা ভৰিৰে যাবলগীয়া হয় । বিকি বৰাইকে মতে - ঘৰত পোহৰৰ ব্যৱস্থা নথকাৰ বাবে মোৰ ছোৱালী দুজনীয়ে ৰাতি পঢ়িব নোৱাৰে । টিপচাকি জ্বলাবলৈও কেৰাচিন পাবলৈ নাই । এনে অৱস্থাত বোকাখাত ভকত চাপৰিৰ ৰঙিলী লইংয়ে বিকিৰ দুৰবস্থাৰ বিষয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পিচতেই বোকাখাতৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষন হয় । কেৱল বাতৰি প্ৰকাশতে ক্ষান্ত নাথাকি বোকাখাতৰ সাংবাদিকৰ এটা দল বিকি বৰাইকৰ বাগৃহত উপস্থিত হৈ   বিকিৰ দুৰৱস্থা প্ৰত্যক্ষ কৰে ৷ সাংবাদিকৰ দলটোত যোৱা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, সম্পাদক নীলু আচাৰ্য বিকি বৰাইকৰ ঘৰৰ পৰাই  যোৰহাটৰ মাৰোৱাৰী যুৱ মঞ্চৰ সৈতে যোগাযোগ কৰি মাৰোৱাৰী ঠাকুৰ বাৰীত ৪ আগষ্টত আয়োজিত কৃত্ৰিম অংগ সংস্থাপন শিৱিৰত বিকি বৰাইকৰ কৃত্ৰিম ভৰি লগোৱাৰ ব্যৱস্থা কৰি দিয়ে । যোৰহাটলৈ যাবৰ বাবে হ'ব পৰা যাতায়তৰ ব্যয়ো সাংবাদিক সকলেই বহন কৰে ৷  

*******